জোনাই,13 ছেপ্টেম্বৰ : আৰক্ষী নহয়, যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া ড্ৰাগছৰ প্ৰচলন ৰোধৰ বাবে ৰাইজে লৈছে বৃহৎ পদক্ষেপ ৷ ধেমাজি জিলাৰ চিলাপথাৰত ৰাইজে ড্ৰাগছ প্ৰচলন ৰোধৰ বাবে ল’লে সংকল্প ৷ বিশেষকৈ চিলাপথাৰৰ ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া অঞ্চলত ভয়ানক ৰূপ লৈছে ড্ৰাগছৰ প্ৰচলনে ।
বৰবিহ ৰূপী ড্ৰাগছ সেৱনৰ ফলত চিলাপথাৰৰ চেকাই মাজগাঁৱত দুদিনৰ পূৰ্বে এজন যুৱকৰ মৃত্যু হৈছিল ৷ তাৰ পাচতে মঙলবাৰে 3 শতাধিক পুৰুষ, মহিলা সমবেত হ’ল চেকাই মাজগাঁৱত ৷ পাঁচখন গাঁৱৰ ৰাইজ সমবেত হৈ ড্ৰাগছ প্ৰচলন ৰোধৰ বাবে সংকল্প ল’লে ৷ উক্ত সভাত ৰাইজে ল’লে কঠোৰ সিদ্ধান্ত ৷ ড্ৰাগছ সেৱনকাৰী আৰু সৰবৰাহকাৰীয়ে 1 সপ্তাহৰ ভিতৰত গাঁও ত্যাগ কৰিব লাগিব ৷ অন্যথা বিহত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ড্ৰাগছ এৰক নহ'লে গাঁও এৰক প্ৰস্তাৱ গ্ৰহণ আৰু গাঁও কেইখনত অচিনাকী ব্যক্তিয়ে প্ৰৱেশত কঠোৰ স্থিতি গ্ৰহণ কৰা হোৱা বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷
TMPK, MMK, TMMKৰ নেতৃত্বত স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত সভাতে ড্ৰাগছমুক্ত গাঁও নিৰ্মাণৰ সংকল্প লোৱা হয় ৷ আনহাতে সভাৰ পূৰ্বে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ ড্ৰাগছ প্ৰচলন বন্ধ কৰক, ড্ৰাগছ এৰক নহ'লে গাওঁ এৰক বিভিন্ন ড্ৰাগছ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদী ৰাইজে ৷
যি সময়ত আৰক্ষী প্ৰশাসনে ড্ৰাগছ বিৰোধী অভিযান চলাই আছে তেনে সময়তে বিভিন্ন কৌশলেৰে সৰবৰাহ হৈ আছে মাৰাত্মক ড্ৰাগছ ৷ সেয়ে নিজৰ সন্তানক মাৰাত্মক ড্ৰাগছৰ পৰা সুৰক্ষা দিবলৈ চিলাপথাৰত পাঁচখন গাঁৱৰ ৰাইজ সমবেত হ’ল ৷
লগতে পঢ়ক:Garbage in Chiang River Bank: আবৰ্জনাৰে ভৰিছে চিয়াং লালী নদীৰ পাৰ