ETV Bharat / state

ধন আত্মসাতৰ অভিযোগ হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজঙৰ বিৰুদ্ধে - allegation against Chairman Sanjeev Kumar Hajong

হাজং উন্নয়ন পৰিষদৰ নামত অহা লাখে লাখে টকা গিলিছে কোনে ? উন্নয়নৰ নামত কেৱল লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজঙৰ বিৰুদ্ধে ।

allegation against Chairman Sanjeev Kumar Hajong
ধন আত্মসাতৰ গুৰুতৰ অভিযোগ হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজঙৰ বিৰুদ্ধে
author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:07 AM IST

ধন আত্মসাতৰ গুৰুতৰ অভিযোগ হাজং উন্নয়ন পৰিষদৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজঙৰ বিৰুদ্ধে

জোনাই, 15 ডিচেম্বৰ : অসমৰ অন্যতম জনজাতি হাজং জনগোষ্ঠীৰ আৰ্থ-সামাজিক উন্নয়নৰ স্বাৰ্থত গঠিত হাজং উন্নয়ন পৰিষদৰ নামত চৰকাৰে কোটি কোটি টকা আৱন্টন দিছে যদিও উন্নয়নৰ নামত কেৱল মহালুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে পৰিষদৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজঙৰ বিৰুদ্ধে । বৃহস্পতিবাৰে মাজৰবাৰী হৰিনাথপুৰ হাজং কৃষ্টি ভৱনত এখন সংবাদমেলৰ আয়োজন কৰি পৰিষদত চলি থকা লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সভাপতি নিত্যানন্দ হাজং আৰু অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজঙে ।

সংগঠন দুটাৰ নেতৃত্বৰ অভিযোগ অনুসৰি, হাজং উন্নয়ন পৰিষদৰ নামত চৰকাৰে 2017-18 বিত্তীয় বৰ্ষত 30 লাখ, 2018-19 বিত্তীয় বৰ্ষত 30 লাখ, 2021-2022 বিত্তীয় বৰ্ষত 31 লাখ 59 হেজাৰ, আৰু 2022-23 বিত্তীয় বৰ্ষত 28 লাখ টকা সৰ্বমুঠ 1 কোটি 19 লাখ 95 হাজাৰ টকা জনগোষ্ঠীটোৰ বিভিন্ন কাম কাজৰ বাবে আৱন্টন দিয়ে ৷ যদিও হাজং ৰাইজৰ উন্নয়নৰ নামত মাত্ৰ 30 লাখ টকা খৰচ কৰি বাকী সমুদায় ধন আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে সংবাদমেলখনত ।

সংবাদমেলখনত লগতে উল্লেখ কৰে যে, সঞ্জীৱ কুমাৰ হাজঙৰ অধ্যক্ষতাত থকা হাজং উন্নয়ন পৰিষদে চলোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জৰিয়তে তদন্ত হ’ব লাগে ৷ লগতে অনতি পলমে সঞ্জীৱ কুমাৰ হাজঙক হাজং উন্নয়ন পৰিষদৰ পৰা অপসাৰণ কৰিব লাগে ৷ সঞ্জীৱ কুমাৰ হাজঙৰ নেতৃত্বৰ সদৌ অসম হাজং ছাত্ৰ সন্থাৰ সমিতিখন অবৈধ ৷

যোৱা 11 জুন তাৰিখে ওদালগুৰি জিলাৰ হাজং নেপালী বস্তিত বহা সদৌ অসম হাজং ছাত্র সন্থাৰ 31 গৰাকীৰ ভিতৰৰ 22 গৰাকীকৈ বিষয়ববীয়া উপস্থিত থকা কাৰ্যনিৰ্বাহক সমিতিয়ে সন্থাৰ সংবিধান উলংঘা কৰাৰ অভিযোগত সঞ্জীৱ কুমাৰ হাজং আৰু সাধাৰণ সম্পাদক বিজয় হাজঙৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰে ৷ উক্ত সভাতে নিত্যানন্দ হাজঙক সভাপতি আৰু ধনেশ্বৰ হাজঙক সাধাৰণ সম্পাদক নিৰ্বাচিত কৰি সদৌ অসম হাজং ছাত্র সন্থাৰ তদৰ্থ সমিতিখন গঠন কৰা হয় ।

যোৱা 8, 9, 10 ডিচেম্বৰত সদৌ অসম হাজং ছাত্ৰ সন্থাৰ উক্ত তদৰ্থ সমিতিখনে ধেমাজি জিলাৰ মাজৰবাৰী হৰিনাথপুৰত সন্থাৰ 36 সংখ্যক বছৰেকীয়া অধিৱেশন অনুষ্ঠিত কৰি এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে ৷ সদৌ অসম হাজং ছাত্র সন্থা আৰু অসম হাজং জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে যোৱা 12 ডিচেম্বৰত সাংগঠনিক কামত লখিমপুৰ জিলা উপায়ুক্তক সাক্ষাৎ কৰিবলৈ যোৱা অৱস্থাত প্ৰতিনিধি দলটোক আক্ৰমণ কৰা ঘটনাও সংঘটিত হয় ।

সঞ্জীৱ কুমাৰ হাজঙৰ উচতনিতে এনে ঘটনা সংঘটিত হোৱা বুলি 12 জন আক্ৰমণকাৰীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী অধীক্ষকক বৃহস্পতিবাৰে এক এজাহাৰ দাখিল কৰা কৰে ৷ এই সংবাদমেলৰ যোগেদি দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে সদৌ অসম হাজং ছাত্র সন্থাৰ সভাপতি আৰু অসম হাজং জাতীয় পৰিষদৰ সভাপতিয়ে ।

এই সংবাদমেলত সদৌ অসম হাজং ছাত্ৰ সন্থাৰ উপদেষ্টা গকুল হাজং, মুখ্য সাংগঠনিক সম্পাদক বিনয় কুমাৰ হাজং, শিক্ষা সম্পাদিকা শুলক্ষণা হাজং, কাৰ্যনিৰ্বাহক বিভাষ হাজং, ধেমাজি জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল হাজঙৰ লগতে বহু বিষয়ববীয়া উপস্থিত থাকে ৷

লগতে পঢ়ক : জ্যোতি চিত্ৰবনত তাৰকাৰ ভিৰ, আৰম্ভ হ’ল ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.