ধেমাজি, 4 ছেপ্টেম্বৰ : যি সময়ত ৰাজ্যত চৰকাৰে বিভিন্ন বিভাগত নিযুক্তি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তেনে সময়ত দীৰ্ঘ দিন ধৰি ধেমাজি জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত নাই প্ৰধান পৰিচালক ৷ বিভাগটোত মুৰব্বী অবিহনেই চলিছে কাৰ্যালয়ৰ কাম কাজ ৷ ফলত এটা ফাইলৰ কাম কৰিবৰ বাবে কাৰ্যালয়ৰ কৰ্মচাৰী দৌৰিব লগীয়া হৈছে সুদুৰ ডিব্ৰুগড়লৈ ৷ কেৱল ইমানেই নহয় কৰ্মচাৰীয়ে দৰমহাৰ বাবেও হাবাথুৰি খাব লগালগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৷
ইপিনে ভূতৰ ওপৰত দানৱ পৰাদি কৰ’ণাৰ আতংকই গ্ৰাস কৰা সময়ছোৱাত নিবনুৱাসকলে অধিক ক্ষতিগ্ৰস্ত সন্মুখীন হ’বলগীয়া হৈছে ৷ কাৰণ মুৰব্বী বিষয়া অনুপস্থিতিত আৰু অধিক কাম কাজত স্থবিৰতাই দেখা দিছে ৷ এনে ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ কাযালয়ত এজন স্থায়ী বিষয়া নিযুক্তি দিবলৈ দাবী জনায় বৃহস্পতিবাৰে ধেমাজি সদৰ আঞ্চলিক ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক : 10-15 জোপা চাহ গছ ৰোপণ কৰি বছৰটোৰ বাবে কেনেকৈ ল’ব চাহৰ জুতি !