ধেমাজি, 20 জুলাই : ৰাজ্যৰ বহু কেইটা জিলা এতিয়া বানৰ কৱলত ৷ সমান্তৰলাকৈ ধেমাজি জিলাতো বানৰ বিভীষিকা ৷ সোমবাৰে ধেমাজি জীয়াঢলৰ বানৰ কৱলত পৰা একাংশ লোকক বান সাহাৰ্য সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ ৷
ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহযোগত ধেমাজি জীয়াঢলৰ বানৰ কৱলত পৰা আমূলগুৰি, 2 নং ঘেয়াৰী (চেচাসহ) আৰু দুলংকান গাঁৱৰ প্ৰায় আশীটা পৰিয়ালৰ মাজত মিঠাতেল,আলু,চাবোন,বিস্কুট,মেক্স’ পেকেট আদিৰ বিতৰণ কৰে সংগঠনটোৱে ।

সাহাৰ্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰী ৷ বসুমতাৰীয়ে মথাউৰি নিৰ্মাণ কৰিব নোৱাৰি কেৱল বানৰ সময়ত কেইটামান চাউল দালি দিয়ে ৰাজ্য চৰকাৰে দায়িত্ব সামৰিছে বুলি তীব্ৰ সমালোচনা কৰে ৷
লগতে চাওক-অখিলৰ মুক্তিৰ দাবীত বিধায়কৰ প্ৰতিবাদ