ETV Bharat / state

বৃহস্পতিবাৰেও অব্যাহত থাকিল ৰাজ্যজুৰি আছুৰ ‘ৰণশিঙা’

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত কৰা হয় ‘ৰণশিঙা’ কাৰ্যসূচী ৷ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ জাতিধ্বংশী এই আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদী জনতা ৷

AASU ranasinga across Asam
বৃহস্পতিবাৰে ৰাজ্যজুৰি অনুষ্ঠিত আছুৰ ‘ৰণশিঙা’
author img

By

Published : Jan 10, 2020, 12:55 PM IST

শদিয়া,10 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অনুষ্ঠিত কৰা হয় ‘ৰণশিঙা’ কাৰ্যসূচী ৷ ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈ সকলো প্ৰান্ততে এই সাংস্কৃতিক প্ৰতিবাদত দেখা গ’ল ৰাইজৰ অভিনৱ সঁহাৰি ৷ শদিয়াতো আইনখন বাতিলৰ দাবীৰে শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় কেইবাটাও দল-সংগঠন আৰু শদিয়াবাসী ৰাইজৰ সহযোগত গায়ন বায়নসহ বিশাল সমদল উলিওৱা হয় ৷ শদিয়াৰ চাপাখোৱা বীৰ লাচিত ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা সমদলটো কোর্ট চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি সামৰণি পৰে ৷

শদিয়াত"কা"বিৰোধী প্ৰতিবাদ

মৰাণঃ মৰাণতো আইনখন বাতিলৰ দাবীত চেপন উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰণশিঙা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা প্ৰতিবাদী সভাত উপস্থিত থাকে লোক সংস্কৃতিৰ গৱেষক তথা মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ অনিল শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মানিক গগৈ, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক বুধিন সোণোৱাল,বকতা নেমুগুৰিৰ বয়োজ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট শিক্ষাবিদ নোমল চন্দ্ৰ বুঢ়া গোহাঁই,সাংবাদিক যদুনাথ পুৰী আৰু আছুৰ শিৱসাগৰ জিলা সমিতিৰ উপ সভাপতি হৰেশ শেনছোৱা ৷

মৰাণত "কা"বিৰোধী প্ৰতিবাদ

কাকপথাৰঃ কাকপথাৰ তিনিআলি দৈনিক বজাৰৰ সন্মুখত আৰু থানা চাৰিআলিত কাৰ্যসুচী কৰাৰ পিছত এখন প্ৰতিবাদী সভাৰ যোগেদি ‘ৰণশিঙা’ সামৰণি পৰে ৷ উপস্থিত ৰাইজে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে গ্ৰহণ নকৰাৰ লগতে সকলো অসমবাসীক উক্ত আন্দোলনত জপিয়াই পৰিবলৈ আহ্বান জনায় ৷ কাকপথাৰৰ ডিৰাকতো আইনখন বিৰুদ্ধে সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ উল্লখ্য যে,উক্ত সভাত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদক ৰাহুল ছেত্ৰী,মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক নৱ মৰাণ,মটক ছাত্ৰ সন্থাৰ নিৰেণ শইকীয়া,কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বহুকেইটা সংগঠনৰ বিষয়ববীয়া ৷

কাকপথাৰত প্ৰতিবাদ

বদৰপুৰঃ দিল্লীৰ জাৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত কৰিমগঞ্জৰ জিলাৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰী প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৃহস্পতিহবাৰে বদৰপুৰৰ ইউথ চ'ছাইটি নামৰ সংগঠনটোৰ উদ্যোগত বদৰপুৰ 6নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছাত্ৰ-ছাত্ৰীসকলে মম জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বদৰপুৰত JNU কাণ্ডৰ প্ৰতিবাদ

ধেমাজিঃ বুধবাৰে জনসমূদ্ৰত পৰিণত হয় ধেমাজিৰ কাছাৰী ময়দান ৷ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা,যুৱ ছাত্ৰ পৰিষদ,শিল্পী সমাজ আৰু ধেমাজিবাসীৰ সহযোগত ধেমাজি কাছাৰী ময়দানত ৰূপায়ণ কৰা হয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই

ধেমাজিত প্ৰতিবাদ

মৰিগাঁওঃ মৰিগাঁৱতো জাতিধ্বংসী এই আইনখনৰ প্ৰতিবাদ মৰিগাঁও ছাত্ৰ সন্থা আৰু 30 সহযোগী সংগঠনৰ ৷ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এই ‘ৰণশিঙা’ কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্তই চৰকাৰক সকিয়াই দি কয় যে,অহিংস আৰু গণতান্ত্ৰিক আন্দোলনকাৰীক তেওঁলোকে যেন বাধা দিবলৈ চেষ্টা নকৰে। বাধা দিলে কোনো কাৰণতে সহ্য কৰা নহ'ব ৷

মৰিগাঁৱত প্ৰতিবাদ

ডিফুঃ ৰাজ্যৰ অন্য প্ৰান্তৰ সামন্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো দেখা গ’ল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ অশোক ঠাকুৰ নামৰ এগৰাকী বয়োজ্যষ্ঠ শিল্পীয়ে যোৱা ১৪ ডিচেম্বৰত "কা"ৰ বিৰোধিতাৰে ৰচনা কৰা স্বৰচিত 'লক্ষ জনতাৰ ক্ৰোধাগ্নি' শীৰ্ষক গীত পৰিৱেশন কৰি প্ৰতিবাদী জনতাক উৎসাহ প্ৰদান কৰে ৷ লগতে সভাত প্ৰতিবাদী ভাষণ প্ৰদান কৰে কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক সৰ্জোণ হাঞ্চেই ৷

ডিফুত প্ৰতিবাদ

টীয়কঃ টীয়ক আঞ্চলিক ছাত্ৰ সন্থা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শিল্পী সমাজ তথা বনাই অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত বনাইৰ আমতলত ৰণশিঙা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ লগতে "কা" বিৰোধী আন্দোলনত চৰকাৰে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ তথা অন্যান্যসকলক বিনাচৰ্তে মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনায় প্ৰতিবাদকাৰী সকলে ৷

টিয়কত ৰণশিঙা কাৰ্যসূচী

নাজিৰাঃ বৃহস্পতিবাৰে নাজিৰাৰ গেলেকীতো "ৰণশিঙা" শীৰ্ষক গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত গেলেকী আঞ্চলিক ছাত্ৰ সন্থা, আটছা নাজিৰা শাখা আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজিত এই গণপ্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে শতাধিক পুৰুষ মহিলাই৷

নাজিৰাত "কা" বিৰোধী প্ৰতিবাদ

লখিমপুৰঃ লখিমপুৰত শ্বহীদ ন্যাসৰ সমীপৰ ৰাজপথত পৰম্পৰাগত বাদ্য বজাই চৰকাৰক হুংকাৰ প্ৰতিবাদকাৰী ৰাইজৰ ৷ বৰগীত,দিহানাম বিহুৰে আৰম্ভ হোৱা এই প্ৰতিবাদী সভাৰ সামৰণি পৰে অসম সংগীত পৰিৱেশনেৰে ৷

লখিমপুৰত প্ৰতিবাদ

মৰিয়নীঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আয়োজন কৰা ‘ৰণশিঙা’ কৰ্যসূচীত থলুৱা লোকবাদ্য বজাই সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷

মৰিয়নীত প্ৰতিবাদ

চতিয়াঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সাব্যস্ত কাৰ ‘ৰণশিঙা’ কাৰ্যসূচীয়ে কঁপাই তোলে চতিয়া সমষ্টিৰ জামুগুৰিহাট ৷ বৃহস্পতিবাৰৰ ‘ৰণশিঙা’ কাৰ্যসূচীত চতিয়া সমষ্টিৰ বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপৰিও উপস্থিত থাকে শতাধিক ৰাইজ ৷

চতিয়াত"কা"বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক-শুকুৰবাৰে মুকলি নহয় ৰহাৰ টোলগেট

Intro:"কা" ৰ বিৰুদ্ধে আছুৰ উদ্যোগত শদিয়াত গায়ন-বায়নেৰে জোঁৰ সমদল

শদিয়া : নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত শদিয়াত বিশাল জোঁৰ সমদল কাৰ্যসুচী হাতত লোৱা হয় ৷ শদিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় কেইবাটাও দল-সংগঠন আৰু শদিয়াবাসী ৰাইজৰ সহযোগত অসমীয়াৰ কৃষ্টি ভকত-বৈঞ্চবে গায়ন বায়নসহ বিশাল জোৰ সমদল বাহিৰ কৰে ৷ শদিয়াৰ চাপাখোৱা বীৰ লাচিত ষ্টুডিয়ামৰ পৰা আৰম্ভ হোৱা সমদলটো কর্ট চাৰিআলিত এখন প্ৰতিবাদী সভাৰ যোগেদি সামৰণি পৰে ৷ হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰা সমদলত উপস্থিত ৰাইজে কোনো কাৰণতে কা গ্ৰহণ নকৰাৰ সংকল্প গ্ৰহণ কৰে ৷ উল্লেখ্য যে আজি দিনৰ ভাগত শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ ঘৰৰ সন্মুখত আছুৱে বিধায়কগৰাকীক কলা পতাকা দেখোৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷Body:Byte : Assu leadeeConclusion:Mintu Talukdar
Sadiy
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.