ETV Bharat / state

জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়াৰ দাবী আছুৰ - সদৌ অসম ছাত্ৰ সন্থা

জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰী পৰিদৰ্শন কৰিবলৈ শনিবাৰে উপস্থিত হ’ল সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী সহ এটা বৃহৎ সজাতি দল ৷ জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাই সদৌ অসম ছাত্ৰ সন্থাই ৷

aasu-demands-to-establish-rajapukhuri-of-jonai-as-a-tourist-spot
জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়াৰ দাবী আছুৰ
author img

By

Published : Oct 23, 2021, 10:39 PM IST

Updated : Oct 24, 2021, 8:58 AM IST

জোনাই, ২৩ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা উদ্দীপ জ্যোতি গগৈ, মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী আৰু সাংগঠনিক সম্পাদক মণ্টুৰাজ বৰুৱাই শনিবাৰে জোনাই মহকুমাৰ ঐতিহ্যমণ্ডিত ৰাজাখানা পুখুৰী পৰিদৰ্শন কৰিবলৈ উপস্থিত হয় । উল্লেখ্য যে, জোনাই মহকুমা সদৰৰ পৰা প্ৰায় ৮ কিলোমিটাৰ পশ্চিমে আৰু উত্তৰ-পূব সীমান্ত ৰেলপথৰ পৰা ডেৰ কিলোমিটাৰ উত্তৰে অৱস্থিত ৰজাখানা পুখুৰী ৷ এই পুখুৰীটোৱে আজিও ৰাজকীয় পৰিবেশ আৰু ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি আছে ।

জনশ্ৰুতিমতে, ‘আৰিমত্ত’ ৰজাই এই বৃহৎ পুখুৰীটো খন্দাইছিল । পুখুৰীটোৰ পাৰবোৰ এতিয়াও ১০-১৫ মিটাৰলৈ উচ্চতাত দেখিবলৈ পোৱা যায়। পুখুৰীটোৰ দক্ষিণ পশ্চিম ফালে আজিও কিছুমান দম হৈ পৰা আৰু মাটিৰ তলত পোত খাই থকা মধ্যযুগীয় ইটা দেখা যায় । অঞ্চলটো এসময়ত জনশূন্য আৰু ঘন অৰণ্যৰে ভৰা আছিল ।

জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক পৰ্যটনস্থলী হিচাপে গঢ়াৰ দাবী আছুৰ

১৯৫৬ চনৰ পৰা এই অঞ্চলত লাহে লাহে মানুহৰ বসতি আৰম্ভ হয় । প্ৰথমে হাতী ধৰা কাম এই অঞ্চলত চলিব ধৰিলে । এই বৃহৎ পুখুৰীটোত হাতীয়ে জুমপাতি গা ধুইছিল৷ আনকি, হাতীয়েও পুখুৰীৰ গভীৰতাক ঢুকি নেপাই সাঁতুৰিব লগাত পৰিছিল ।

মধ্যযুগীয় ইটা, খোদিত শিলৰ নমুনা আৰু পুখুৰীৰ পৰিৱেশ কোনোবা এটা যুগৰ এক সংস্কৃতিৰ জ্বলন্ত নিদর্শন । ইয়াত নিশ্চয় কোনো ৰাজকীয় অৱদান সন্নিৱিষ্ট হৈ আছে । ৰজাখানা পুখুৰী বা ৰাজগড়ৰ সঠিক গৱেষণাই বুৰঞ্জীৰ পাতত এক নতুন অধ্যায় সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ থল আছে । গতিকে জোনাইৰ ঐতিহ্যমণ্ডিত ৰজাখানা পুখুৰীক সংৰক্ষণ তথা পুনৰ নিৰ্মাণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ নতুন চৰকাৰৰ পৰ্যটন আৰু পুৰাতত্ত্ব বিভাগৰ ওচৰত দাবী জনাইছে আছু নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : অৱশেষত উপ-নিৰ্বাচনৰ প্ৰচাৰত নামিল অজাপ

Last Updated : Oct 24, 2021, 8:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.