ETV Bharat / state

Flood situation in Assam : ৬ মাহে পানীৰ তলত এখন গাঁও

author img

By

Published : Oct 15, 2022, 2:16 PM IST

জোনাইৰ বেৰা চাপৰিৰ তাৰি মাজগাঁৱত ভয়ংকৰ পৰিস্থিতি (Flood in Jonai)। ৬ মাহ ধৰি পানীৰ তলত আছে অঞ্চলটো । খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন বস্তুৰ নাটনি আৰু বিভিন্ন সংকটত পৰিছে অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক পৰিয়াল ।

Flood situation in Assam
৬ মাহে পানীৰ তলত এখন গাঁও

জোনাই, ১৫ অক্টোবৰ : প্ৰতিবছৰ অসমৰ লাখ লাখ লোক বানৰ কৱলত পৰে (Assam flood)। চলিত বছৰটোতও ২ টাকৈ বানে ইতিমধ্যে লক্ষাধিক লোকক ক্ষতিগ্ৰস্ত কৰিছে । বহুলোকে এতিয়াও বানৰ ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত হ'ব পৰা নাই । বহুতে হেৰুৱাইছে নিজৰ ঘৰ-বাৰী, কৃষিভূমি আদি (Flood effects Assam)।

বানৰ কৱলত পৰা ঘৰখনলৈ আজিও যাব পৰা নাই বহু লোক । মুঠতে বানপানীৰ সমস্যাই ভাৰাক্ৰান্ত কৰিছে অসমৰ জনসাধাৰণক । শেহতীয়াকৈ পুনৰ কোনো কোনো স্থানত বানে ভয়ংকৰ ৰূপ লৈছে । বিশেষকৈ ধেমাজি জিলাৰ জোনাইকে ধৰি বহু অঞ্চল বানৰ কৱলত পৰিছে (Flood situation in Jonai)।

ইয়াৰ মাজতে জোনাইৰ এটা অঞ্চলে বিশেষভাৱে চৰ্চা লাভ কৰিছে । আপুনি শুনি আচৰিত হ'ব যে অঞ্চলটো এদিন দুদিন নহয় বিগত প্ৰায় ৬ মাহ ধৰি পানীৰ তলতে আছে । মানুহৰ ঘৰ, খেতিপথাৰ সকলো বিগত ৬ মাহে পানীৰ তলতে আছে (Jonai village under water last 6 months)। যাৰ বাবে জোনাইৰ বেৰা চাপৰিৰ তাৰি মাজগাঁৱৰ লোকসকলে জীয়াতু ভূগিবলগীয়া হৈছে ।

৬ মাহে পানীৰ তলত এখন গাঁও

গাঁওখনৰ অৰ্ধশতাধিক পৰিয়ালে ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে দিন-নিশা কটাইছে ৷ প্ৰতিটো পৰিয়ালৰে ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত পানী । শোৱনি কোঠা, পাকঘৰ একোৱে ধৰিব নোৱাৰে আপুনি । যাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাত পৰিছে অঞ্চলটোৰ ৰাইজ ।

ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, বিশুদ্ধ খোৱাপানীৰ অভাৱত পৰিছে, শুবলৈও বহুতৰে বিচনাৰ ওপৰলৈ আহিছে পানী ৷ মুঠতে বিগত ৬ মাহ ধৰি হাহাকাৰ পৰিৱেশ গাঁওখনত । জানিব পৰা মতে বেৰা চাপৰি অঞ্চলক চিয়াং নদীৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা মথাউৰিটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ বাবেই গাঁওখনত এনে পৰিৱেশৰ সৃষ্টি হৈছে (Flood effected area people in crisis)।

প্ৰায় ৬ মাহে এনেদৰে দুৰ্গন্ধময়, লেতেৰা পানীত আৱদ্ধ হৈ থকাত গাঁওখনৰ কণ কণ শিশুৰ পৰা বৃদ্ধলৈ সকলোৰ দেহত দেখা গৈছে নানান বেমাৰ ৷ কাহ, জ্বৰৰ লগতে বিভিন্ন অচিন ৰোগত আক্ৰান্ত হৈছে গাঁওখনৰ বহু লোক । এনে ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি জোনাই মহকুমা প্ৰসাশনক গাঁওখনৰ ৰাইজে কেইবাবাৰো আবেদন নিবেদন কৰিছে যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক :Floods in north and upper Assam: জোনাইত বানৰ কালৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.