ETV Bharat / state

Sankar Sangha Adhiveshan : কাইলৈ স্থাপন হ’ব জোনাই অধিৱেশনৰ লাইখুটা

author img

By

Published : Nov 19, 2022, 10:21 PM IST

2023 বৰ্ষৰ ফেব্ৰুৱাৰীত ধেমাজিৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক জোনাই অধিৱেশন (92th Sankar Sangha Jonai Adhiveshan in Dhemaji) ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত-বৈষ্ণৱসকলে ৷ দেওবাৰে স্থাপন কৰা হ’ব জোনাই অধিৱেশনৰ লাইখুটা ৷

Sankar Sangha Adhiveshan
কাইলৈ স্থাপন হ’ব জোনাই অধিৱেশনৰ লাইখুটা

জোনাই, 19 নৱেম্বৰ : উদুলি-মুদুলি ধেমাজি জিলাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷ কাৰোৰে যেন আহৰি নাই ৷ সকলো ব্যস্ত ৷ কোনোবাই যদি ধান দাইছে, আন কোনোবাই আকৌ খৰি কাটিছে ৷ মুখত এমোঁকোৰা হাঁহি লৈ সকলোৱে কৰি গৈছে নিজ নিজ কাম ৷

কিয়নো আগন্তুক 10, 11 অৰু 12 ফেব্ৰুৱাৰী অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক জোনাই অধিৱেশন (92th Sankar Sangha Jonai Adhiveshan)৷ সেই হেতুকে দেওবাৰে স্থাপন কৰা হ’ব জোনাই অধিৱেশনৰ লাইখুটা ৷ লাইখুটা স্থাপনৰ বাবে শনিবাৰে চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত ৰাইজৰ দলে বলে ধান কাটি চপোৱা পৰিলক্ষিত হয় ৷

তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় 10 বজাত স্থাপন কৰা হ’ব জোনাই অধিৱেশনৰ লাইখুটা ৷

লগতে পঢ়ক : Sankardev Sangha Samaroh: সাপেখাতীত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু-যুৱ আৰু আই মাতৃ সমাৰোহ

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি অধিৱেশনৰ লাইখুটা স্থাপন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । লাইখুটা স্থাপন কৰাৰ পূৰ্বে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে সভাপতিত্বত অনুষ্ঠিত হ’ব এখন মুকলি সভা ৷ এই সভাখন উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ।

কাইলৈ স্থাপন হ’ব জোনাই অধিৱেশনৰ লাইখুটা

উল্লেখ্য যে, সকলোৰে এতিয়া অপেক্ষা মাথো 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ ৷ ফেব্ৰুৱাৰীত ভকত-বৈষ্ণৱেৰে লোকে-লোকাৰণ্য হৈ পৰিব ধেমাজিৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ ৷

লগতে পঢ়ক : জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বি-বাৰ্ষিক জোনাই অধিৱেশনৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.