জোনাই, ১৬ অক্টোবৰ : দেওবাৰে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত মিচিং জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা চমুকৈ TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে (51th Foundation day of TMPK celebrated at Jonai) । ১৪ অক্টোবৰৰ পুৱা ভাগত TMPK ৰ গালি আঞ্চলিক সমিতিৰ উদ্যোগত গালি আঞ্চলিকৰ অন্তৰ্গত পোন্ধৰখন গাঁৱত স্বচ্ছতা অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
১৫ অক্টোবৰৰ পুৱা ২ বজাত তেলামৰ পৰা গালিলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । এমএমকেৰ জোনাই জিলা সমিতিৰ উপ সভাপতি দুৰ্গেশ্বৰ দলেই উদ্ধোধন কৰা মাৰাথান দৌৰৰ ল'ৰাৰ শাখাত প্ৰথমত শচীন পেগু, দ্বিতীয়ত মঞ্জুৰ পেগু আৰু তৃতীয়ত অজিৎ পেগুয়ে স্থান লাভ কৰে ।
আনহাতে, ছোৱালী শাখাত প্ৰথম স্থানত অনামিকা দলে, দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমে পেণী দলে আৰু ভাৰতী দলে বিজয়ী সাব্যস্ত কৰে ৷ ইয়াৰ পাচতে গালিঘাটত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতাৰ উদ্ধোধন কৰে মিচিং বাঃনৌ কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকে ।
নাও খেল প্ৰতিযোগিতাত হেমন্ত কলিতা প্ৰথম, সীতাৰাম কামান দ্বিতীয় আৰু বিজয় পাদুনে তৃতীয় স্থান দখল কৰে । দেওবাৰে পুৱা ৯ বজাত TMPK ৰ পতাকা উত্তোলন কৰে গালি আঞ্চলিক সমিতিৰ সভাপতি বিজয় পেগুয়ে । ইয়াৰ পাচতে শ্বহীদ তৰ্পণ কৰে TMPK ৰ জোনাই জিলা সমিতিৰ সভাপতি সঞ্জয় কুম্বাঙে । দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত কৰা প্ৰতিনিধি সভাখন উদ্ধোধন কৰে TMPK ৰ জোনাই জিলা সমিতিৰ সম্পাদক মিগম দলে আৰু সভাপতি সৰ্বেশ্বৰ পেগু ।
ইপিনে TMPK ৰ চমকং আঞ্চলিক সমিতিৰ উদ্যোগত আৰু লামনজান গাঁও সমিতিৰ সহযোগত লামনজান মিচিং কৃষ্টি ভৱনত দিনজোৰা কাৰ্যসূচীৰে TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । কুইজ মিচিং নৃত্য আৰু গুমৰাগ প্ৰতিযোগিতাৰ অনুষ্ঠানত পৰ্যবক্ষক হিচাপে উপস্থিত থাকে এমএমকেৰ জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদক কুমেশ্বৰ মৰাঙে ।
অনুষ্ঠানতTMPK ৰ জোনাই জিলা সমিতিৰ সদস্য খগেন টায়ে, কৃষ্ণ টায়ে, কুহিনাথ মিপুন, প্ৰাক্তন সভাপতি কান্দা টায়েং, ভূৱন দলে, চানু দলে, আঞ্চলিক সমিতিৰ সম্পাদক সদস্য বৃন্দই উপস্থিত থাকে । TMPK ৰ ডেকাপাম আঞ্চলিক সমিতিৰ অন্তৰ্গত সাতখন গাঁও সমিতিৰ সহযোগত প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।
১৫ অক্টোবৰ দিনাখন প্ৰতিখন গাঁৱত স্বচ্ছ অভিযান চলোৱা হয় । দেওবাৰে পুৱা ভাগত গাঁও সমিতিসমূহৰ সভাপতিসকলে স্মৃতি তৰ্পণ কৰাৰ পাচত কবিতা আবৃত্তি, কুইজ, ছবি অকাঁ, টাকুৰিত সূঁতা কটা, ৰছী টনা, আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
অনুষ্ঠানত এমএমকেৰ নেতা কমলেশ্বৰ পেগু, টিএমপিকেৰ ডেকাপাম আঞ্চলিক সমিতিৰ সভাপতি জুজু দলে, সদস্য ৰাজকুমাৰ পাইত, দেৱ পেগু উপস্থিত থাকে । ইপিনে TMPK ৰ তেলাম আৰু লাইমেকুৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত বিভিন্ন গাঁৱত বিস্তৃত কাৰ্যসূচীৰে TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।
লগতে পঢ়ক : HPB girls college in Golaghat : হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ সোণালী জয়ন্তী