ETV Bharat / state

Dhemaji Moina Parijat: 31 মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ধেমাজিত ৰাজ্যিক শিশু সমাৰোহ

ধেমাজিত আয়োজন মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ (17th State Children Festival of Moina Parijat ) ৷ 31 মাৰ্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ছয় হাজাৰ শিশু প্ৰতিনিধিয়ে ৷ এই শিশু প্ৰতিনিধিসকলক আদৰিবলৈ সাজু হৈছে ধেমাজিবাসী ৷

author img

By

Published : Mar 30, 2023, 1:19 PM IST

Dhemaji Moina Parijat
মইনা পাৰিজাতৰ সপ্তদশ দ্বি বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ

ধেমাজি, 30 মাৰ্চ : কাইলৈ অৰ্থাৎ 31 মাৰ্চৰ পৰা 2 এপ্ৰিললৈ ধেমাজিৰ কাছাৰী ময়দানত অনুষ্ঠিত হ’ব সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি-বাৰ্ষিক শিশু সমাৰোহ (17th State Children Festival of Moina Parijat)৷ এই সমাৰোহৰ বাবে ইতিমধ্যে তুংগত উঠিছে প্ৰস্তুতি ৷ বুধবাৰে এক সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে সদৌ অসম মইনা পাৰিজাতৰ আয়োজকসকলে ৷

ধেমাজি জিলা সমিতিৰ উদ্যোগত অহা 31 মাৰ্চ 1 আৰু 2 এপ্ৰিল 2023 ত ধেমাজি কাছাৰী ময়দানত আয়োজিত এই শিশু সমাৰোহখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হ’ব মুঠ ছয় হাজাৰ শিশু প্ৰতিনিধিয়ে ৷ ইয়াৰ বাবে স্থাপন কৰা হৈছে 17 টাকৈ শিবিৰ (Moina Parijat to be held in Dhemaji) ৷ ইয়াৰ উপৰিও মূল মণ্ডপৰ সমান্তৰালভাৱে ভোজনালয়, স্বাস্থ্য শিবিৰ, স্বেচ্ছাসেৱক শিবিৰ, তোৰণ নিৰ্মাণ ইতিমধ্যে সাজু কৰি তোলা হৈছে ৷

বুধবাৰে আয়োজিত উক্ত সংবাদমেলৰ জৰিয়তে আদৰণি সমিতিৰ সভাপতি ড৹ দীপক নেওঁগ, সাধাৰণ সম্পাদক নৱজ্যোতি দত্ত, ধেমাজি জিলা মইনা পাৰিজাতৰ সভাপতি ৰনজিৎ চিৰাঙে ধেমাজিবাসীৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে ৷ সদৌ অসম মইনা পাৰিজাতৰ আয়োজকসকলে উল্লেখ কৰা অনুসৰি, এই কাৰ্যসূচীমৰ্মে প্ৰথম দিনা প্ৰতিনিধি পঞ্জীয়ন, প্ৰতিনিধি শিবিৰ মুকলি কৰিব ধেমাজি জিলা আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই ৷ সমান্তৰালভাৱে তেওঁ অন্যান্য শিবিৰসমূহো উদ্বোধন কৰিব ৷

বিয়লি 4 বজাত এই সমাৰোহৰ আদৰণি আৰু উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁইয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, ধেমাজি বিশিষ্ট সাহিত্যিক সাংবাদিক উমেশ চেতিয়া ৷

মইনা পাৰিজাতৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি লিটুল বুঢ়াগোহাঁয়ে ৷ এই সমাৰোহৰ দ্বিতীয় দিনা কাৰ্যসূচীৰ পুৱা পতাকা উত্তোলন কৰি অভিবাদন গ্ৰহণ কৰিব মূল পতাকা উত্তোলক ধেমাজি জিলা মইনা পাৰিজাতৰ মইনা অদিতি দত্তই ৷ লগতে মূল পতাকাৰ সৈতে 69 খন পতাকা একেলগে উত্তোলন কৰিব বিভিন্ন জিলাৰ মইনা পাৰিজাতৰ মইনাসকলে ৷

লগতে পঢ়ক : Nimati Afolamukh ferry service: বন্ধ হ’ল নিমাতি অফলামুখ ফেৰী সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.