ETV Bharat / state

Arms training by Bajrang Dal:মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ দুই সদস্য গ্ৰেপ্তাৰ - ৰাষ্ট্ৰীয় বজৰং দলৰ দুই সদস্য গ্ৰেপ্তাৰ

সম্পূৰ্ণ মুকলিকৈ বজৰং দলৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণ সমাজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ প্ৰশাসন আৰু আৰক্ষীৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ মঙলদৈত বজৰং দলে দিয়া প্ৰশিক্ষণক একেমুখে গৰিহণা দিছে সকলোৱে ৷

Two Members of Rashtriya Bajrang Dal arrested
মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ
author img

By

Published : Aug 2, 2023, 9:58 PM IST

দৰং, 2 আগষ্ট : অসমত সৰ্বত্ৰে চৰ্চা এতিয়া বজৰং দলৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণক লৈ ৷ এটা ধৰ্মীয় সংগঠনে ইমানখিনি সাহ পালে কেনেকৈ ? মাৰণাস্ত্ৰ প্ৰশিক্ষণৰ দৰে এক সংবেদনশীল বিষয়তো আৰক্ষী-প্ৰশাসনৰ পৰা অনুমতি নোলোৱাটোৱে দৰাচলতে সূচাইছে কি ?

Two Members of Rashtriya Bajrang Dal arrested
মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ

মঙলদৈ মহৰ্ষী বিদ্যা মন্দিৰত অস্ত্ৰৰ মুকলি প্ৰশিক্ষণ লোৱা সম্পৰ্কত মঙলদৈ আৰক্ষীয়ে দুজন সদস্যক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই মঙলদৈ চহৰৰ চাৰি নং ৱাৰ্ডৰ পৰা বিজয় ঘোষ আৰু ওদালগুৰি জিলাৰ ডিমাকুচীৰ পৰা গোপল বড়োক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ হোৱা গোপাল বড়োৱে চাৰিদিনীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ।

আনহাতে মঙলদৈ চহৰত ব্যৱসায় কৰা বিজয় ঘোষে ৩০ জুলাইৰ মঙলদৈ চহৰত উলিওৱা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে । ইফালে বুধবাৰৰ বিয়লি দুয়োকে স্বাস্থ্য পৰীক্ষা কৰোৱাই আদালতত হাজিৰ কৰাৰ পিচত জেললৈ প্ৰেৰণ কৰা হৈছে । মন কৰিবলগীয়া কথা যে মঙলদৈত মুকলিকৈ অস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ মূল অভিযুক্ত অভিজিৎ ঘোষ আৰু সুব্ৰত সাহা আজিও পলাতক অৱস্থাত আছে ।

মঙলদৈৰ পৰা এই প্ৰশিক্ষণৰ পৰা ভিডিঅ’ৰ ভাইৰেল হৈ পৰাৰ পিচতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে তুলাধূনা দিয়ে চৰকাৰক ৷ পেপাৰত বাজিছে, চেনেলত চলিছে অথচ বিদ্যালয়ত মাৰণাস্ত্ৰ প্ৰশিক্ষণৰ কথা আৰক্ষী অধীক্ষকে গম নাপায়, আৰক্ষী সঞ্চালক প্ৰধানে গম নাপায়, সমাজৰ বাবে ই কেনেধৰণৰ এক ভয়ংকৰ বাৰ্তা ৷

বজৰং দলৰ মাৰণাস্ত্ৰ প্ৰশিক্ষণক কেন্দ্ৰ কৰি ৰাজ্যত বিভিন্ন দল-সংগঠন আৰু ৰাজনীতিৰ সৈতে জড়িত লোকৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ কেইবাটাও সংগঠনে ইতিমধ্যে বিশ্ব হিন্দু পৰিষদৰ যুৱ সংগঠন ৰাষ্ট্ৰীয় বজৰং দলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ শেহতীয়াকৈ মঙলদৈত ৰাষ্ট্ৰীয় বজৰং দলৰ দুই সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে ৷

লগতে পঢ়ক : Akhil Gogoi letter to CM: মঙলদৈৰ বিদ্যালয়ত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণক লৈ মুখ্যমন্ত্ৰীক ১০ টা প্ৰশ্ন অখিলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.