ETV Bharat / state

এক বজাৰ শীৰ্ষ দহটা বাতৰি... - শীৰ্ষ দহটা বাতৰি

এক বজাৰ শীৰ্ষ দহটা বাতৰি...

এক বজাৰ শীৰ্ষ দহটা বাতৰি...
এক বজাৰ শীৰ্ষ দহটা বাতৰি...
author img

By

Published : Oct 3, 2021, 1:08 PM IST

গুৱাহাটীৰ বিমান বন্দৰত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক উষ্ম আদৰণি

দেওবাৰে পুৱা গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ৷ ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনায় উপ-ৰাষ্ট্ৰপতিগৰাকীক । তিনিটা কাৰ্যসূচী লৈ গুৱাহাটীত উপস্থিত উপ-ৰাষ্ট্ৰপতিগৰাকী ।

Jaisi Karni Waisi Bharnii : প্ৰশান্ত ফুকন

বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনে । "Jaisi Karni Waisi Bharnii" বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, শ্বেৰমান আলিৰ শেহতীয়া প্ৰতিক্ৰিয়া আৰু বক্তব্যসমূহে তেওঁ কিমান চেৰাই গৈছে তাকেই প্ৰমাণ কৰিছে ।

উপ-ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ : মহানগৰীৰ যান-বাহন চলাচলত বিশেষ সালসলনি

উপ-ৰাষ্ট্ৰপতিৰ ভ্ৰমণ উপলক্ষে মহানগৰীৰ যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সাল-সলনি ঘটোৱা হৈছে ৷ মহানগৰীৰ বিভিন্ন পথৰ যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই জাৰি কৰিছে এক নিৰ্দেশনা ৷

টিংখাঙত কেইবাটাও জাতীয় সংগঠনৰ নেতাৰ বিজেপিত যোগদান

অসমৰ ভিন্ন প্ৰান্তত জাতীয় সংগঠনসমূহৰ বহু নেতাই যোগদান কৰিছে বিজেপিত । এইবাৰ ডিব্ৰুগড় জিলাৰ আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ নেতাই যোগদান কৰিলে বিজেপিত ।

উপ-নিৰ্বাচনত ইউপিপিএলৰ কোনো বিৰোধী নাই : ইউ জি ব্ৰহ্ম

উপ-নিৰ্বাচনত ইউপিপিএলৰকোনো বিৰোধী নথকাত দলে নতুনকৈ একো প্ৰস্তুতি কৰিবলগীয়া নাই বুলি মন্তব্য চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মৰ ৷ শনিবাৰে জিলাখনৰ সদৰ কাজলগাঁওস্থিত জিলা কেন্দ্ৰৰ সভাকক্ষত অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷

সাম্প্ৰদায়িক মন্তব্য দিয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ'ব লাগে : শ্বেৰমান আলী

‘সাম্প্ৰদায়িক মন্তব্য দিয়া বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ্ৰেপ্তাৰ হ’ব লাগে’ ৷ পাণবজাৰ আৰক্ষী থানাৰ পৰা এমএমচিএইচলৈ স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে ৷ উল্লেখ্য যে, গৰুখুটিত চলা উচ্ছেদ অভিযান সন্দৰ্ভত এক বিতৰ্কিত মন্তব্য কৰাৰ পাচতে অৱশেষত শনিবাৰে দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বিধায়কগৰাকীক ৷

শ্বেৰমান আলীক মুক্তিৰ দাবীত বাঘবৰত ৰাইজৰ প্ৰতিবাদ

শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল বৰপেটা জিলাৰ বাঘবৰ ৷ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বাঘবৰ সমষ্টিৰ ৰাইজে । প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, শ্বেৰমান আলী আহমেদক বিনা চৰ্তে মুক্তি দিয়ক আদি ধ্বনিৰে বাঘবৰৰ পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীৰ দাবী, যেতিয়ালৈকে বিধায়ক শ্বেৰমান অলীক অসম আৰক্ষীয়ে এৰি নিদিয়ে তেতিয়ালৈকে অব্যাহত থাকিব বাঘবৰৰ এই আন্দোলন ।

কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদ ভংগৰ দাবী

কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদ ভংগৰ দাবী কোচ ৰাজবংশী জাতীয় মহাসভা আৰু কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ ৷ সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ বিশ্বজিৎ ৰায় আৰু ত্ৰিদীপ পতি সিংহ ৷ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাজ্যপালৰ নিৰ্দেশ অৱমাননা কৰাৰ অভিযোগ ৷

একেলগে ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ চিৰাঙত

চিৰাঙৰ বেংতল বন বিভাগৰ কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ ৷ সকলোকে ৫০ হেজাৰ টকাৰ লগতে সংস্থাপনৰ আশ্বাস বিটিআৰৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ ।

বন্ধ বাঘবৰ : শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ বিৰোধীতাৰে প্ৰতিবাদ

গৰুখুটিৰ ঘটনাৰ পিছত অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাকে ধৰি 855 গৰাকী শ্বহীদক ঘাতক আখ্যা দিয়াৰ অভিযোগত বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক শনিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাচতেই উত্তপ্ত হৈ পৰে বাঘবৰ সমষ্টি ৷ বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে দেওবাৰে বাঘবৰত স্থানীয় বন্ধ ঘোষণা কৰে বাঘবৰবাসী ৰাইজে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.