ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 19, 2022, 9:03 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰিপুণ বৰাই অসমত কেনেকৈ উৰুৱাব বাঙালী জাত্যাভিমানৰ পতাকা ?

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা‌ যোৱা দুটা দশকত দল আৰু চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থাকি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি‌ অহা ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগে ৰাজ্য ৰাজনীতিত কিবা নতুন সমীকৰণৰ সৃষ্টি কৰিব নে (Ripun Bor joined TMC) ! জ্যেষ্ঠ কংগ্ৰেছী গৰাকীয়ে ৰাজনৈতিক অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত মমতা বন্দোপাধ্যায়ৰ তৃণমূল কংগ্ৰেছত যোগ‌ দিবলগীয়া হোৱা ঘটনাই স্বাভাবিকতে এতিয়া লক্ষণীয় বুলি বিবেচিত হৈছে ।

নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

সমাগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(Guwahati Municipal Election 2022) ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ যাৰ বাবে সোমবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰিছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে(ASEC orders probe against Assam CM) ৷

নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে : ভাস্কৰ জ্যোতি মহন্ত

অসম আৰক্ষীৰ এবি, ইউবি কনিষ্টবলৰ লিখিত পৰীক্ষা ফলাফল (Written examination for Assam police post) ঘোষণাৰ দাবীৰে গুৱাহাটীত নিবনুৱাসকলে সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ প্ৰতিক্ৰিয়া প্ৰকাশ (DGP Reaction about Unemployment Protest in Guwahati) ৷ নাৰাবাজি দিয়া যুৱক অসম আৰক্ষীত নালাগে বুলি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ৷

Jihadi network in Assam : এইবাৰ বঙাইগাঁও আৰক্ষীৰ জালত তিনি জেহাদী

বঙাইগাঁও আৰক্ষীৰ সফলতা । ত্ৰিপুৰাৰ পৰা তিনি জেহাদীক গ্ৰেপ্তাৰ বঙাইগাঁও আৰক্ষীৰ (Three Jihadis arrested by Bangaigaon police) ।

Jihadi in Assam : সন্ধানহীন হৈছে একাধিক সন্দেহজনক লোক

জেহাদীৰ ঘাটিত পৰিণত হৈ পৰিছে নেকি বৰপেটা ৷ ইটোৰ পিছত সিটো জেহাদী আৰক্ষীৰ জালত পৰাৰ লগে লগে জিলাখনৰ পৰা নিৰুদ্দেশ হৈছে কেইবাজনো সন্দেহজনক লোক (Suspicious people went missing after arrest of Jihadis) ৷

কংগ্ৰেছত থাকোতেও ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলাই আছিল : প্ৰদ্যুৎ বৰদলৈ

‘‘ৰিপুন বৰা চূড়ান্ত বিশ্বাসঘাতক ৷’’ নগাঁৱত এই মন্তব্য প্ৰদ্যুৎ বৰদলৈৰ (Pradyut Bordoloi calls Ripun Bora a betrayer) । ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হৈ থাকোতেই ৰিপুন বৰাই তৃণমূল কংগ্ৰেছৰ সাংগঠনিক কাম কাজ চলোৱাৰ অভিযোগ ।

ৰিপুণ বৰা কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ যোৱাটো প্রত্যাশিত আছিল : ৰাণা গোস্বামী

সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ক’লে, ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতো ৰিপুণ বৰাই ভূপেন বৰাক নজনোৱাকৈ এজন ব্যক্তিৰ নামত চাৰে চাৰিলাখ টকাৰ চেক দিছিল । এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই ৰিপুণ বৰাই কংগ্ৰেছ দল এৰি তৃণমূল কংগ্ৰেছলৈ ঢাপলি মেলিছে ।

বিজেপি মিত্ৰজোঁটৰ নলবাৰী পৌৰসভা গঠনৰ শপত গ্ৰহণ

একক সংখ্যা গৰিষ্ঠতাৰে নিৰ্বাচিত হোৱা বিজেপি মিত্ৰজোঁটে গঠন কৰা নলবাৰী পৌৰসভাৰ শপত গ্ৰহণ অনুষ্ঠান (Oath taking ceremony of Nalbari Municipality board) । বিজেপিৰ ৬ নং ৱাৰ্ডৰ নব নিৰ্বচিত পৌৰপতি হিচাপে নিৰ্বাচিত কৰা হ'ল জয়শ্ৰী তালুকদাৰক ।

১৯ এপ্ৰিলৰ পৰা ডিব্ৰুগড় টাউন মিচিং কৌবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান

মঙলবাৰৰ পৰা পাঁচদিনীয়া বণাৰ্ঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ডিব্ৰুগড়ৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড় টাউন মিচিং কৌবাঙৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি সমাৰোহ (Town Mising Kebang) ৷ 19 এপ্ৰিলত বিয়লি 3 বজাত সোণালী জয়ন্তী সামৰণি সমাৰোহখন শুভাৰম্ভ কৰিব ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে (Golden Jubilee celebration of Town Mising Kebang ) ৷

বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীয়ে প্ৰদৰ্শন কৰিলে হুঁচৰি

ৰঙালীৰ ৰঙত আত্মহাৰা হৈ পৰিছে অসম আৰক্ষীৰ জোৱান । বন্দুকৰ পৰিৱর্তে এইবাৰ আৰক্ষীয়ে হাতত তুলি ল'লে ঢোল, পেঁপা, তাল । সদা আইন শৃংখলাত নিয়োজিত আৰক্ষীয়ে জুৰিলে হুঁচৰী ৷ এইয়া নগাঁৱৰ সোনাৰী গাঁৱৰ দৃশ্য । গাঁওখনৰ নামঘৰ প্ৰাংগণত বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীয়ে প্ৰদৰ্শন কৰিলে হুঁচৰি (Rongali Bihu celebration by Assam police in Nagaon) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.