ETV Bharat / state

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Mar 31, 2022, 9:02 AM IST

পুৱাৰ 9 বজাৰ শীৰ্ষ 10 টা বাতৰি

9 বজাৰ শীৰ্ষ 10 টা বাতৰি
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

Rajya Sabha election 2022: সাজু বিধানসভাৰ চেন্ট্ৰেল হল

বৃহস্পতিবাৰে পৰা আৰম্ভ হ'ব ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন(Rajya Sabha election) ৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সাজু কৰি তোলা হৈছে অসম বিধানসভাৰ চেন্ট্ৰেল হল ৷ বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা ।

একেদিনাই বিধানসভাত গৃহীত ১৮ খনকৈ বিধেয়ক

বুধবাৰৰ দিনটোত অসম বিধানসভাত গৃহীত কৰা হয় ওঠৰখনকৈ বিধেয়ক ৷ সদনত গৃহীত হোৱা বিধেয়কসমূহ হ'ল শিক্ষা, সংখ্যালঘু উন্নয়ন, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ, বিত্ত, সমাজ কল্যাণ, প্ৰশাসনিক সংস্কাৰ, পৰিবহণ, উদ্যোগ আৰু বাণিজ্যকে ধৰি কেইবাটাও বিভাগৰ বিধেয়ক ।

গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে ২১২গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ(Guwahati Municipal Election 2022) বাবে মনোনয়ন দাখিলৰ আজি অৰ্থাৎ বুধবাৰে আছিল অন্তিম দিন ৷ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । ১৯ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন । পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । ২১ এপ্ৰিলত হ’ব ভোটগণনা ।

ছোনীয়ালৈ AIUDFৰ আৰ্জি: সভাপতিৰ পৰা অপসাৰণ কৰক ভূপেন বৰাক

ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ ছোনিয়া গান্ধীক অনুৰোধ জনাব এ আই ইউ ডি এফে ৷ কাৰণ ভূপেন বৰাই বিজেপিৰ হৈ কাম কৰি আছে (AIUDF accuses Bhupen Bora as BJP agent)৷ এই বিস্ফোৰণ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ ৷

পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবীৰে মহানগৰীত আক্ৰাছুৰ প্ৰতিবাদ

গুৱাহাটী চচলত আক্ৰাছুৰ ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ(AKRSU stages protest in Guwahati) ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৃথক কমতাপুৰ জনজাতিকৰণৰ দাবী উত্থাপন ৷

এফালে ইউৰিয়া সাৰৰ নাটনি আনফালে পানীৰ অভাৱ: নগাঁৱৰ কৃষকৰ মাজত হাঁহাকাৰ

এফালে ইউৰিয়া সাৰৰ নাটনি, আনফালে পানীৰ অভাৱত নগাঁৱৰ কৃষকে হাঁহাকাৰ কৰিব লগা হৈছে (Farmers in trouble due to lack of water in Nagaon) ৷ নিজ কঠিয়াতলী গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু অঞ্চলৰ কৃষকে এতিয়া পানীৰ অভাৱত বৰো খেতি কৰিব নোৱাৰি হাঁহাকাৰ কৰিব লগা হৈছে ৷

সমাগত ৰঙালী বিহু: জাপি বনোৱাত ব্যস্ত নলবাৰীৰ জাপি শিল্পী

সমাগত ৰঙালী বিহু । বিহুৰ প্ৰাকঃক্ষণত জাঁপি বনোৱাত ব্যস্ত হৈ পৰিছে ৰাজ্যৰ জাপি শিল্পীসকল (Traditional artistes are busy making japi) । নলবাৰী জিলাটো জাপি শিল্পীসকলৰ মাজত এতিয়া ভীষণ ব্যস্ততা ।

Rajya Sabha Election: ভূপেন বৰাক মিছলীয়া আখ্যা AIUDF ৰ

ৰাজ্যসভা নিৰ্বাচনৰ এদিন পূৰ্বে বোকা ছটিওৱা ৰাজনীতি ৷ প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ ধিঙৰ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ(AIUDF MLA Aminul Islam allegations on Congress) ৷ নিৰ্বাচনৰ পাছত সকলো ফাদিল কৰাৰ কথা উল্লেখ কৰিলে বিধায়কগৰাকীয়ে ৷

বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰৰ বিৰোধিতাৰে KMSSৰ বিক্ষোভ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত কঁপিল গুৱাহীটী ক্লাৱ । ৰাজ্যৰ থলুৱা ভূমিহীন পৰিয়ালক ভূমিৰ অধিকাৰ প্ৰদান আৰু বহিৰাগত পুঁজিপতি বণিয়াক ৰাজ্যৰ ভূমি হস্তান্তৰ বন্ধ কৰা দাবীৰে তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তিৰ কৰ্মকৰ্তা সকলে (KMSS Protest against transfer of land to corporates)।

ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল আলীৰ দেহাৱসান

ৰাষ্ট্ৰপতিৰ পদকপ্ৰাপ্ত নগাঁৱৰ সুদক্ষ আৰক্ষী বিষয়া বাবুল আলীৰ দেহাৱসান ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা আৰক্ষী বিষয়াগৰাকীৰ বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় (Police officer Babul Ali passes away)৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.