দৰং, 27 ফেব্ৰুৱাৰী : দৰঙৰ পাথৰিঘাটত কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযানৰ ৰেলীত আৰক্ষীৰ বাধা ৷ নিৰ্বাচনী অধিসূচনা বলৱৎ হোৱাৰ পাচতে দৰং জিলা প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা ৷ জিলা প্ৰশাসনে জাৰি কৰা 144 ধাৰা অমান্য কৰি প্ৰদ্যুৎ বৰদলৈৰ নেতৃত্বত দৰং জিলাত কংগ্ৰেছে উলিয়াইছিল এই ৰেলী ৷
এই ৰেলীত বাধা দিয়াৰ বাবে পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হয় প্ৰদ্যুৎ বৰদলৈ ৷ প্ৰশাসনৰ বাধাৰ বাবে ৰেলী আধাতে সামৰিব লগা হয় কংগ্ৰেছে ৷
উল্লেখ্য যে, শুকুৰবাৰে নিৰ্বাচনী আয়োগে এক সংবাদমেল সম্বোধন কৰি অসমৰ লগতে কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিম বংগৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ সেই অনুসৰি, অসমত তিনিটা পৰ্যায়ত 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ এই দিনা ঘোষণাৰ পাচতে অসমত জাৰি কৰা হৈছে নিৰ্বাচনী অধিসূচনা অথবা নিৰ্বাচনী আচৰণ বিধি ৷
লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিলে বৰাকৰ মিনি সচিবালয়