ETV Bharat / state

ৰাজ্যত চৰম পৰ্যায়ত আৰক্ষী সন্ত্ৰাস: মঙলদৈত প্ৰতিবাদকাৰীক ভাৰপ্ৰাপ্ত বিষয়াৰ দুৰ্ব্যৱহাৰ

author img

By

Published : Dec 12, 2019, 4:52 PM IST

মঙলদৈত কেব বিৰোধী প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা ৷ জাতিধ্বংসী বিধেয়কৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই অহা ছাত্ৰ-ছাত্ৰীক লাঠিচালনা কৰি বীৰত্ব প্ৰদৰ্শন মঙলদৈ থানাৰ অচি নিৰঞ্জন বৰুৱাৰ ৷ জাতিৰ কাৰণে ওলাই অহাৰ বাবেই অশালীন ভাষাৰে প্ৰতিবাদকাৰীক গালি-গালাজ বিষয়াজনৰ ৷

ৰাজ্যত চৰম পৰ্যায়ত আৰক্ষী সন্ত্ৰাস: মঙলদৈত প্ৰতিবাদকাৰীক ভাৰপ্ৰাপ্ত বিষয়াৰ দুৰ্ব্যৱহাৰ
ৰাজ্যত চৰম পৰ্যায়ত আৰক্ষী সন্ত্ৰাস: মঙলদৈত প্ৰতিবাদকাৰীক ভাৰপ্ৰাপ্ত বিষয়াৰ দুৰ্ব্যৱহাৰ

মঙলদৈ, 12 ডিচেম্বৰ: বৃহস্পতিবাৰেও জাতিধ্বংসী কেবে জ্বলোৱা জুইৰ ধোৱাই ক'লা কৰিছে ৰাজ্যৰ আকাশ ৷ চৰকাৰ প্ৰশাসনৰ বাধা ওফৰাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ জাতি ৰক্ষাৰ বাবে ৰাজপথত নামিছে অসমীয়া ৷ ৰাজ্যৰ বিভিন্ন স্থানত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনা তথা কন্দুৱা গেছ প্ৰয়োগ কৰিছে যদিও শাম কটাব পৰা নাই অসমীয়াৰ উদ্যম ৷

ৰাজ্যত চৰম পৰ্যায়ত আৰক্ষী সন্ত্ৰাস: চাওক মঙলদৈৰ অচিৰ বীৰত্ব
মঙলদৈত বৃহস্পতিবাৰে কেব বিৰোধী প্ৰতিবাদৰ মাজতে সংঘটিত হ'ল তীব্ৰ উত্তজেনাৰ ৷ নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হিটলাৰী কায়দাৰে কোবালে মঙলদৈ থানাৰ অচি নিৰঞ্জন বৰুৱাই ৷ জাতিৰ এই বিপদৰ সন্ধিক্ষণত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ওলাই অহা ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক প্ৰহাৰ কৰাৰ ওপৰিও অশালীন ভাষা ব্যৱহাৰ কৰি সম্পূৰ্ণ স্বৈৰতন্ত্ৰী কায়দাৰে বীৰত্ব প্ৰদৰ্শন কৰিলে বিতৰ্কিত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ৷

কেবৰ প্ৰতিবাদত মঙলদৈ মহাবিদ্যালয়ৰ পৰা ওলোৱা প্ৰতিবাদকাৰী দলটোক ইছলাম অঞ্চলত এইদৰে প্ৰহাৰ কৰে অচি নিৰঞ্জন বৰুৱা এণ্ড কোম্পানীয়ে লগতে প্ৰয়োগ কৰিলে কন্দুৱা গেছ ৷ অচিজনৰ প্ৰহাৰৰ সাৰি নগ'ল ছাত্ৰীও ৷ নিজে এজন অসমীয়া হোৱাৰ পাছতো এইদৰে অসমীয়াৰ ওপৰত ৰঙা চকু দেখুৱা এইগৰাকী বিষয়াৰ কাণ্ড বন্দী হ'ল ইটিভি ভাৰতৰ কেমেৰাত ৷ এই ঘটনাৰ পাছত বিষয়াগৰাকীৰ বিৰুদ্ধে গৃহবিভাগক এতিয়া ব্যৱস্থা লবলৈ আহ্বান জনাইছে মঙলদৈবাসীয়ে ৷

আৰক্ষী সন্ত্ৰাসৰ বিষয়ে কি ক'লে প্ৰতিবাদকাৰীয়ে

Intro:মঙলদৈত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী আৰু শূন্যলৈ গুলি চালনা৷Body:মঙলদৈত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠী আৰু শূন্যলৈ গুলি চালনা৷Conclusion:Debabrat goswami
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.