ETV Bharat / state

আধাৰশিলা স্থাপনৰ 6 মাহ পাচতো নহ'ল পথ নিৰ্মাণ

অঞ্চলবাসীয়ে জনোৱা অনুসৰি 2018  চনৰ 2 নৱেম্বৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ উপস্থিতিত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নীতকৰণ আঁচনিৰ অধীনত সৰাবাৰীত আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু সময় উকলি যোৱাৰ লগে লগে 2,35.66 লাখ টকাৰ এই আঁচনি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

নিৰ্মাণ নহ'ল পথ
author img

By

Published : May 8, 2019, 10:02 AM IST

দৰং , 08 মে' : দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ মঙলদৈ-মাজিকুছি পথটোৱে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী চমক সৃষ্টি কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই এই পথটোৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু আধাৰশিলা স্থাপন কৰাৰ 6 মাহ উকলি যোৱাৰ পিচতো পথ নিৰ্মাণ নোহোৱাৰ অভিযোগ অঞ্চলবাসীৰ ৷

ছিপাঝাৰ সমষ্টিৰ মঙলদৈ-মাজিকুছি পথটোত মেৰামতিৰ অভাৱত পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ পথৰ এনে দুৰৱস্থাৰ বাবে যাতায়ত কৰাত ৰাইজে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ অঞ্চলবাসীয়ে জনোৱা অনুসৰি 2018 চনৰ 2 নৱেম্বৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ উপস্থিতিত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নীতকৰণ আঁচনিৰ অধীনত সৰাবাৰীত আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু সময় উকলি যোৱাৰ লগে লগে 2,35.66 লাখ টকাৰ এই আঁচনি ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷

নিৰ্মাণ নহ'ল পথ

উল্লেখ্য যে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত ভোটাৰক আকৰ্ষণ কৰিবলৈ দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহন কৰিছিল ৷ কিন্তু কি কাৰণত আধাৰশিলা স্থাপন কৰা 6 মাহ পাচতো লাখটকীয়া আঁচনিৰ মঙলদৈ-মাজিকুছি পথটো নিৰ্মাণ নহ'ল , তাক পৰ্যবেক্ষণ কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহৰি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এতিয়া সাধাৰণ জনতাৰ প্ৰশ্ন যে কেতিয়া নিৰ্মাণ হ'ব এই লাখটকীয়া আঁচনিৰ পথ ?

as_drg_ road_vis01_as10006

Ftp kariso.vis01_byte02_03 photo

 আধাৰশীলাৰ ৬ মাহ উকলি গল ৷ নিৰ্মান নহল পথৰ কাম ৷ 

Anchor ---- পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে  নিৰ্বাচনী চমক সৃষ্টি কৰি মন্ত্ৰীয়ে কৰিলে আধাৰশিলা ৷ ৬ মাহ উকলি যোৱাৰ পিছতো নিৰ্মান নহল প্ৰায় ২ কোটি ৩৬  লাখ টকীয়া পথৰ কাম ৷ পথত পুখুৰী সদৃশ গাতৰ বাবে জীয়াতু ভুগিছে এতিয়া পথচাৰীয়ে ৷ কত এই পথটি ? 

V/O ---- প্ৰথমে চাওক এই দৃশ্যটিলৈ ৷ পথটিত পুখুৰি সদৃশ গাতৰ বাবে কেনেদৰে যাতায়ত কৰিবলগীয়া হৈছে  যানবাহন ৷ এই পথটি হৈছে সদাব্যস্ত দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ মংগলদৈ - মাজিকুছি পথ ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ২৩৫.৬৬ লাখ টকাৰ আঁচনিৰে আধাৰশিলা কৰিলে মন্ত্ৰীয়ে  ৷ ৬ মাহ উকলি গল পিছে নিৰ্মানহে নহল পথটি ৷ ২০১৮ চনৰ ২ নৱেম্বৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাই ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ উপস্থিতিত ৰাজ্যিক স্ব - অগ্ৰাধিকাৰ উন্নিতকৰন আঁচনিৰ অধিনত সৰাবাৰীত কৰিছিল আধাৰশিলা স্থাপন ৷ মন্ত্ৰীৰ আধাৰশিলা আধাৰশিলা হৈয়ে ৰ'ল ৷ নিৰ্মানহে কৰিব নোৱাৰিলে অসম চৰকাৰৰ গৰকাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিয়াগোম বিভাগে ৷ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত নিৰ্বাচনী ভাষনৰ ফুলজাৰি মাৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ দৰঙৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ ললে ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু কি কাৰনত আধাৰশিলাৰ ৬ মাহ পিছতো নিৰ্মান নহল দৰঙৰ মংগলদৈ - মাজিকুছি পথৰ কোটি টকীয়া আঁচনিৰ কাম তাক পৰ্য্যবেক্ষন কৰিবলৈ সময় নহল গৰকাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ যাৰ বাবে পুখুৰী সদৃশ এই পথটিৰে যাতায়ত কৰি দুৰ্ঘটনাত পতিত হৈ আঘাট প্ৰাপ্ত হবলগীয়া হৈছে সাধাৰণ জনতা ৷ পথটি কেতিয়া নিৰ্মান কৰিব ? নে পঞ্চায়ত আৰু লোকসভা  নিৰ্বাচনৰ চমক সৃষ্টি কৰি সাধাৰণ ভোটাৰৰ ভোট লাভ কৰাৰ চৰকাৰৰ এয়া এক নাটক আছিল ? সেয়া হব লক্ষণীয় ৷
Byte --- পথচাৰী ৷
Ftp kariso.vis01_byte02_03 photo
Debabrat goswami .darrang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.