দৰং, 1 জুনঃ মঙলদৈৰ সনাতন ধৰ্মসভাত ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ দত্তোপন্ত ঠেঙাদি নেচনেল বৰ্ড ফৰ ৱৰ্কাৰছ এডুকেচন এণ্ড ডেভেলপমেণ্টৰ (Dattopant Thengadi National Board for Workers Education and Development)উদ্যোগত আৰু অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ৰ সহযোগত অসংগঠিত শ্ৰমিকৰ বাবে দুদিনীয়া বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় । বুধবাৰে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Minister Rameswar Teli) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
মন্ত্ৰীগৰাকীয়ে ভাষণত কয়- 'আমি নিপীড়িতৰ উত্থানৰ বাবে কাম কৰি আছো । আমি দৰঙত মিনি ফুড প্ৰচেছিং পাৰ্ক স্থাপন কৰিছো য’ত বহুলোকে কৰ্মসংস্থাপন পাব । তদুপৰি ধানৰ খোলাৰ পৰা বায়’ইথানল নিষ্কাশন কৰাৰ কথাও ভাবি আছো ।' প্ৰশিক্ষণ লাভ কৰা ২৫৫ জন শ্ৰমিকক তেওঁ শুভকামনা জনায় । মন্ত্ৰীগৰাকীয়ে সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি দত্তোপন্ত ঠেঙাদীয়ে জীৱন অতিবাহিত কৰিছিল বুলি ভাষণত উল্লেখ কৰে ।
তেওঁ ই-শ্ৰম প'ৰ্টেল পঞ্জীয়ন গুৰুত্বপূৰ্ণ আৰু অসংগঠিত খণ্ডৰ কৰ্মীসকলে সুবিধা লাভৰ বাবে নিজেই পঞ্জীয়ন কৰিব লাগিব বুলি কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পি এম শ্ৰম যোগী মন ধন যোজনা যে এখন ভাল আঁচনি সেই বিষয়েও বক্তব্য ৰাখে । আজিৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে ২৫৫ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰে আৰু কাইলৈ আন এক অনুষ্ঠানত ৭২৫ গৰাকী হিতাধিকাৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰিব ।
মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ভাষণত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সকলো শ্ৰেণীৰ লোকৰ সমবিকাশ সম্ভৱপৰ হৈছে । ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীয়েও এই কাৰ্যসূচীত ভাষণ দি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অধিক সংখ্যক উন্নয়ন আঁচনি ৰূপায়ণ কৰি আছে । লগতে বিভিন্ন আঁচনিৰ সুবিধা লোৱাৰ বাবে সংগঠিত খণ্ডৰ কৰ্মীসকলক আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায় ।
জিলা উপায়ুক্ত প্ৰণৱ কমাৰ শৰ্মাই কয় যে এই প্ৰশিক্ষণৰ জৰিয়তে অসংগঠিত খণ্ডৰ কৰ্মীসকল উপকৃত হ’ব । প্ৰমাণ-পত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লোৱাৰ বাবে মন্ত্ৰী ৰামেশ্বৰ তেলীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে । ইয়াৰ আগতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ছিপাঝাৰৰ নেহৰু স্মৃতি বালিকা বিদ্যালয় পৰিদৰ্শন কৰি আন্তঃগাথনিৰ বুজ লয় আৰু বিদ্যালয়খনৰ উন্নয়নৰ বাবে হিন্দুস্তান পেট্ৰ'লিয়াম কৰ্প'ৰেচনৰ তৰফৰ পৰা CSRৰ অধীনত ১০ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে । মন্ত্ৰীগৰাকীয়ে ছিপাঝাৰৰ নায়কপাৰাৰ ঐতিহাসিক বলদেৱ পুখুৰী পাৰত অনুষ্ঠিত হোৱা পৌৰসভা কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক: নগাঁৱত ৰহস্যজনকভাৱে অট্টালিকাৰ পৰি ছাত্ৰীৰ মৃত্যু