দৰং,21 ফেব্ৰুৱাৰী: দৰঙৰ ছিপাঝাৰত ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ । ছিপাঝাৰত প্ৰায় ৫০০ খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ ৷ ৰাজ্য চৰকাৰ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা বিতৰণ পদক্ষেপৰ অংশ হিচাপে ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ছিপাঝাৰ ৰাজহ চক্ৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰৰ অধীনৰ প্ৰায় ৩১৭৭ গৰাকী হিতাধিকাৰী বাচনি কৰা হৈছিল ৷ ইয়াৰে প্ৰায় ৫০০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে দেওবাৰে মাটিৰ পট্টা বিতৰণ কৰা হয় ।
অনুষ্ঠানটোত স্থানীয় বিধায়ক বিনন্দ কুমাৰ শইকীয়া, জিলা উপায়ুক্ত দিলীপ কুমাৰ বৰা, জিলা পৰিষদৰ সভাপতি ধীৰেণ ডেকা, ছিপাঝাৰ আৰু পাথৰিঘাট ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতি থাকে ৷
লগতে পঢ়ক-মাতৃভাষা দিৱসৰ ইতিহাস আৰু তাৎপৰ্য