মঙলদৈ, 18 ডিচেম্বৰ : অকলশৰীয়া, অসহায় মহিলাৰ পৰা মাটি কাঢ়ি লোৱাৰ চেষ্টা ভূ-মাফিয়াৰ ৷ ভূ-মাফিয়াৰ সন্ত্ৰাসত আতংকিত মাটিৰ গৰাকী ৷ আৰক্ষীৰ সন্মুখতে প্ৰায় এশ জনীয়া দলে ভাঙিলে ধাবা ৷ দৰঙৰ খাৰুপেটীয়াত সংঘটিত হৈছে এই ঘটনা ৷ আৰক্ষীৰ সন্মুখতে ধাবাৰ লগতে ধাবাৰ আচবাব ভাঙি দিয়াৰ পিছতো আৰক্ষী সম্পূৰ্ণ নীৰৱ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে ৷
দৰং জিলাৰ দলগাওঁ ৰাজহ চক্ৰত দালালৰ দপদপনি ৷ এগৰাকী অসহায় মহিলাৰ সৰ্বোচ্চ লুটি নিয়াৰ চক্ৰান্ত মাটিৰ দালালৰ ৷ অভিযোগ অনুসৰি দলগাওঁ ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ দলগাঁৱৰ এগৰাকী অবিবাহিতা মহিলাৰ মাটি দালাল চক্ৰৰ হাতত ৷ দীপিকা ৰায় চৌধুৰীৰ নামৰ মহিলা গৰাকীৰ নামত থকা মাটিৰ ওপৰত চকু এটা ভূ-মাফিয়াৰ ৷
জানিব পৰা মতে প্ৰায় এশ বছৰৰো অধিক কাল ধৰি দীপিকা ৰায় চৌধুৰী নামৰ মহিলা গৰাকীৰ পৰিয়ালৰ দখলত আছে এই মাটিখিনি ৷ এই মাটিতে এখন ধাবা ভাৰালৈ দি জীৱিকা নিৰ্বাহ কৰিছিল দীপিকা ৰায় চৌধুৰীয়ে ৷ জানিব পৰা মতে মাফিয়াৰ চকু পৰা এই মাটিৰ পৰিমাণ 1 বিঘা 4 কঠা 9 লেছা ৷
অভিযোগ অনুসৰি এই মাটিত থকা ধাবাখন আইনুল নামৰ এটা মাটিৰ দালালে হঠাতে প্ৰায় শতাধিক মানুহৰে মালিক নোহোৱা অৱস্থাত ভঙাৰ লগতে ধাবাৰ কেইবাজনো কৰ্মচাৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰে ৷ এই আক্ৰমণত 6 জনকৈ লোক আহত হয় ৷ লগতে এই ধাবাখন নিজৰ বুলি দাবী কৰি দখল কৰাৰ চেষ্টা কৰে আইনুলে ৷
আনহাতে মাৰপিটত আঘাতপ্ৰাপ্ত 6 জন ব্যক্তি বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ এই ক্ষেত্ৰত ভুক্তভোগী মহিলাগৰাকীয়ে এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰাৰ লগতে ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত ভাৰত বিকাশ সংকল্প যাত্ৰা কাৰ্যসূচী