ETV Bharat / state

কুলশী নদীৰ ভগ্ন মাথাউৰি নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে

author img

By

Published : Aug 2, 2020, 5:18 PM IST

চৰকাৰে নহয় কলাইগাঁৱত বানাক্ৰান্ত লোকেই নিৰ্মাণ কৰিলে মথাউৰি । ১০ দিন ধৰি ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰি উলিয়ালে কুলশী নদীৰ মথাউৰি ।

কুলশী নদীৰ ভগ্ন মাথাউৰি নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে
১০ দিন ধৰি ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে কুলশী নদীৰ মথাউৰি

দৰং, 2 আগষ্ট : ওদালগুৰি জিলাৰ কলাইগাঁৱত তৃতীয়টো বানত বিস্তৰ ক্ষতিসাধন হৈছে কৃষক ৰাইজৰ । ভূটান পাহাৰৰ পৰা বৈ অহা কুলশী নদীয়ে কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বহু কেইখন গাঁৱৰ কৃষক ৰাইজৰ খেতিপথাৰকে ধৰি বিনষ্ট কৰিছে বহু সা-সম্পত্তি । কুলশী নদীৰ বাঢ়নী পানীৰ ফলত খাছৰনথলি গাঁৱত মথাউৰি ভঙাৰ ফলত বহুকেইখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ।

কুলশী নদীৰ ভগ্ন মাথাউৰি নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে

বিশেষকৈ কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰনথলিগাঁও, খাছ ৰনথলি, উত্তৰ বোক্ৰাঝাৰ, দক্ষিণ বোক্ৰাঝাৰ, চেঙাপথাৰ, বৈদৰপাম, পাৰিয়াপাৰা আদি গাঁৱকে ধৰি প্ৰায় 17 খন গাঁৱত কুলশী নৈৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে ব্যাপক সন্ত্ৰাসৰ । এনে অৱস্থাত চৰকাৰ তথা বিভাগীয় লোকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত স্থানীয় ৰাইজে অৱশেষত নিজেই নিৰ্মাণ কৰিবলৈ ওলাই আহিল কুলশী নদীৰ ভগ্ন মাথাউৰি ।

ৰাইজে মিলি বিভিন্ন ধৰণে বাঁহ, বস্তা আৰু আৰ্থিক অনুদানেৰে দহদিন ধৰি নিজৰ শ্ৰমেৰে উক্ত মথাউৰিটো নিৰ্মাণ কৰি উলিয়ায় । অসম চৰকাৰৰ বিয়াগোম বিভাগসমূহৰ দায়িত্বহীনতাৰ বাবে ৰাইজে ভগ্ন মথাউৰিটো নিজে নিৰ্মাণ কৰিবলগীয়া হোৱাটো চৰম লজ্জাজনক বিষয় । উল্লেখযোগ্য যে, বছৰ বছৰ ধৰি মথাউৰি নিৰ্মাণৰ নামত কোটি কোটি টকাৰ ধন আৱন্তন হোৱাৰ পাচতো কোনো কাম নকৰাই এইয়াই সূচাইছে যে, জাতি-মাটিৰ শ্ল'গান দিয়া চৰকাৰখনৰ ৰাইজৰ প্ৰতি দায়বদ্ধতা কিমান ৷ ভুক্তভোগী বানাক্ৰান্ত ৰাইজৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান, শীঘ্ৰে স্থায়ীভাৱে মথাউৰিটো নিৰ্মাণ কৰি কৃষক ৰাইজক উপকৃত কৰক ।

লগতে পঢ়ক : পাঞ্জাৱ সুৰা ট্ৰেজেডি : মৃতকৰ সংখ্যা 86 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.