ETV Bharat / state

গৰিয়া বিলত সমূহীয়া মাছ ধৰা উৎসৱ - আউলাচৌকা

মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত আউলাচৌকাৰ সমীপৰ অন্যতম বিখ্যাত গৰিয়া বিলত দেওবাৰে পালন কৰা হৈছে সমূহীয়া মাছ ধৰা উৎসৱ ৷ সেই উপলক্ষে দেওবাৰৰ পুৱাৰ পৰা বিলখনৰ চৌপাশে অভাৱনীয়ভাৱে মানুহৰ ভিৰ পৰিলক্ষিত হয় ৷

fishing at Gariya Bil in darrang assam etv bharat news
গৰিয়া বিল
author img

By

Published : Sep 6, 2020, 8:04 PM IST

দৰং,6 ছেপ্তেম্বৰ: দৰঙৰ মঙলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত আউলাচৌকাৰ সমীপৰ অন্যতম বিখ্যাত গৰিয়া বিলত দেওবাৰে পালন কৰা হৈছে সমূহীয়া মাছ ধৰা উৎসৱ ৷ সেই উপলক্ষে দেওবাৰৰ পুৱাৰ পৰা বিলখনৰ চৌপাশে অভাৱনীয়ভাৱে মানুহৰ ভিৰ পৰিলক্ষিত হয় ৷ সকলোৰে হাতে-হাতে পল’, জাকৈ, চিপজালকে ধৰি মাছ মৰা কাৰ্য্যত ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰী ৷

সমূহীয়া মাছ ধৰাৰ পৰম্পৰা

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মাছ ধৰি আনন্দ প্ৰকাশ কৰে সকলোৱে । পূৰ্বৰে পৰা প্ৰত্যেক বছৰে ভাদ মাহত এই গৰিয়া বিলত চলে মাছ ধৰা কাৰ্য । প্ৰতিবছৰে বানৰ তাণ্ডৱ হ্ৰাস হোৱাৰ পিছতে এই বিল ভৰি পৰে মাছেৰে ৷ সেইমৰ্মে নিৰ্দিষ্ট এটা দিনত জিলাখনৰ বিভিন্ন ঠাইৰ লোক আহি মাছ মাৰে বিলখনত । উল্লেখ্য যে,কোভিড 19 ৰ আতংকৰ মাজতো এনেদৰে অঞ্চলবাসীয়ে সমূহীয়াভাৱে মাছ ধৰি আনন্দ প্ৰকাশ কৰে ৷ কৰ’ণা মহামাৰীয়ে একপ্ৰকাৰ স্তব্ধ কৰা জীৱনটো নতুনকৈ জী উঠাৰ আগ্ৰহেৰে লোকসকলে এইদৰে মাছ মাৰি স্ফুৰ্তি কৰাৰ লগতে পৰম্পৰা ৰক্ষা কৰে ৷

লগতে চাওকঃ খাৰুপেটীয়াৰ যুৱকে উদ্ভাৱন কৰিলে বেটাৰী চালিত চাইকেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.