দলগাঁও, 18 চেপ্তেম্বৰঃ দৰঙৰ দলগাঁৱত সভ্য সমাজক লজ্জানত কৰা অমানৱীয় কাণ্ড ৷ ধনবল আৰু বাহুবল প্ৰয়োগ কৰি ছয় বছৰ ধৰি সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিলে অনাথ পৰিয়ালক ৷ সমাজৰ প্ৰভাৱশালী চক্ৰই কৰা অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবেই এনে শাস্তিৰ সন্মুখীন হ'ল পৰিয়ালটো ৷
দলগাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ জ্যেষ্ঠ কন্যাই দিয়া অভিযোগ মতে, নিজৰ মাটিৰ প্ৰাপ্য ধন বিচাৰি দলগাঁও সমবায়ৰ সচিব ৰুদ্ৰ বাহাদুৰ ছেত্ৰী নাম লোক জনৰ বিৰুদ্ধে অভিযোগ দিছিল পৰিয়ালটোৱে ৷ তাৰ পাছতেই ৰুদ্ৰ বাহাদুৰ ছেত্ৰীয়ে গাঁৱৰ অন্য কেইজনমান ব্যক্তিৰ সহযোগত স্থানীয় মন্দিৰ প্ৰাংগনত সভা আয়োজন কৰি পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা ঘোষণা কৰে ৷
অন্যায়ৰ বিৰুদ্ধে মাত মাতি বিগত ছয় বছৰে এঘৰীয়া দৰঙৰ এটা পৰিয়াল - ৰুদ্ৰ বাহাদুৰ ছেত্ৰী দলগাঁও
সমাজৰ প্ৰভাৱশালী চক্ৰৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি ছয় বছৰে এঘৰীয়া হ'ল দলগাঁৱৰ এটা পৰিয়াল ৷ একবিংশ শতিকাত সমাজৰ পৰা এঘৰীয়া কৰাৰ দৰে মধ্যযুগীয় পন্থাৰ বলি হোৱা পৰিয়ালটোক এতিয়া প্ৰয়োজন উচিত ন্যায়ৰ ৷
দলগাঁও, 18 চেপ্তেম্বৰঃ দৰঙৰ দলগাঁৱত সভ্য সমাজক লজ্জানত কৰা অমানৱীয় কাণ্ড ৷ ধনবল আৰু বাহুবল প্ৰয়োগ কৰি ছয় বছৰ ধৰি সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিলে অনাথ পৰিয়ালক ৷ সমাজৰ প্ৰভাৱশালী চক্ৰই কৰা অন্যায়ৰ বিৰুদ্ধে মাত মতাৰ বাবেই এনে শাস্তিৰ সন্মুখীন হ'ল পৰিয়ালটো ৷
দলগাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ জ্যেষ্ঠ কন্যাই দিয়া অভিযোগ মতে, নিজৰ মাটিৰ প্ৰাপ্য ধন বিচাৰি দলগাঁও সমবায়ৰ সচিব ৰুদ্ৰ বাহাদুৰ ছেত্ৰী নাম লোক জনৰ বিৰুদ্ধে অভিযোগ দিছিল পৰিয়ালটোৱে ৷ তাৰ পাছতেই ৰুদ্ৰ বাহাদুৰ ছেত্ৰীয়ে গাঁৱৰ অন্য কেইজনমান ব্যক্তিৰ সহযোগত স্থানীয় মন্দিৰ প্ৰাংগনত সভা আয়োজন কৰি পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা ঘোষণা কৰে ৷
Byte.. (1)Shyamkumari debi (2) neighours
Story-
## দৰঙৰ দলগাঁৱত অমানৱীয় ঘটনা৷
##ধনবল বাহুবলৰ দপদপনি দলগাঁৱত ।
## অনাথ পৰিয়াল বিগত ছয় বছৰৰ ধৰি সমাজৰ পৰা এঘৰীয়া ।
## থানাত ১৯ টাকৈ গোচৰ তৰিও পৰিয়ালটোৱে নাপালে ন্যায়।
## ভূলুন্ঠিত মানবীয়তা ।
Body:
দলগাঁও /১৮ ছেপ্টেম্বৰ
সভ্য সমাজক লজ্জানত কৰা এটি অমানবীয় কাণ্ড। ধনবল প্ৰয়োগ কৰি সমাজত সকলো দিশৰ পৰা বঞ্চিত কৰি দীৰ্ঘদিন ধৰি এঘৰীয়া কৰি ৰখা হৈছে দলগাঁৱৰ এটি অনাথ পৰিয়ালক । সমাজৰ প্ৰভাৱশালী চক্ৰৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতি বিপদত পৰে দুৰ্ভগীয়া পৰিয়ালটো। এমাহ দুমাহৰ কাৰণে নহয়, বিগত ছয় বছৰ ধৰি এঘৰীয়া কৰি ৰাখিছে দুৰ্ভগীয়া পৰিয়ালটোক ।পৰিয়ালটোৰ জেষ্ঠ্য কন্যা শ্যাম কুমাৰী দেৱীয়ে কৰা অভিযোগ মতে, নিজৰ মাটিৰ প্ৰাপ্য ধন বিচাৰি অভিযোগ দিয়াৰ পিছতে দলগাঁও সমবায়ৰ সচিব ৰুদ্ৰ বাহাদুৰ ছেত্ৰীয়ে গাঁৱৰ অন্য কেইজনমান ব্যক্তিৰ সহযোগত স্থানীয় মন্দিৰ প্ৰাংগনত সভা আয়োজন কৰি পৰিয়ালটোক এঘৰীয়া কৰাৰ কথা অবগত কৰে। পৰিয়ালটোৰ অভিযোগ, পূজা পাৰ্বনকে আদি কৰি সমাজৰ সকলো কামৰ পৰা বঞ্চিত কৰি ৰখা হৈছে তেওঁলোকক। সমবায়ৰ সচিব হোৱাৰ বাবেই এঘৰীয়া কৰাৰ লগতে পৰিয়ালটোক বঞ্চিত কৰি ৰাখিছে সমবায়ৰ চাউল পৰা ৷ আনকি বৃদ্ধ পিতৃ ঢুকোৱাৰ পিছত সৎকাৰ কৰাৰ বাবে নাহিল গাঁৱৰ কোনো লোক , নাহিল সমাজৰ পণ্ডিত। পৰিয়ালটোৰ ওপৰত চলা অমানৱীয় নিৰ্যাতন আৰু ভূমি বিবাদৰ ন্যায় বিচাৰি দলগাঁও থানাত ১৯ টাকৈ গোচৰ দিয়াৰ পিছতো আজিলৈ আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা । অনাথ পৰিয়ালটোত আছে চাৰিজনীকৈ গাভৰু ছোৱালী । ডাঙৰ জনী (শ্যাম কুমাৰী দেবী) ৰ বয়স ৩৫ বছৰ। শ্যাম কুমাৰীৰ লগতে আন তিনিজনীকৈ শিক্ষিতা ছোৱালীও বৰ্তমান অবিবাহিত। বিয়াৰ বাবে দৰা আহিলেই এঘৰীয়া কৰাৰ কথা কৈ বিবাহৰ দৰে পবিত্ৰ সম্পৰ্কৰ ক্ষেত্ৰতো সমাজৰ একাংশৰ বাধা পাই অৰ্থনৈতিক, সামাজিক আৰু মানসিকভাৱে ভাগি পৰিছে পৰিয়ালটো। দৰঙৰ দলগাঁৱৰ গৰাখাট গাঁৱত সংঘটিত উক্ত ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
Conclusion:
প্ৰশ্ন হৈছে- ক'ত গ'ল মানব অধিকাৰ আয়োগ? ক'ত হেৰাই গ'ল মানবীয়তা? ধনবল আৰু বাহুবলেৰে বলীয়ান লোকৰ বিৰুদ্ধে ব্যৱস্থা লবলৈ ভয় কৰে নেকি আৰক্ষী প্ৰশাসন ?
আব্দুল হাকিম ।
, দলগাঁও