দলগাঁও, ৫ অক্টোবৰঃ মহা সপ্তমী উপলক্ষে দেবী বন্দনাৰে মুখৰিত ৰাজ্যৰ পূজা মণ্ডপ সমূহ । সপ্তমীত ভক্তৰ পূজা অৰ্চনাৰ মাজতেই শনিবাৰে খাৰুপেটীয়া টাইগাৰ ক্লাৱে আয়োজন কৰা 'খাৰুপেটীয়া ৰে'ল ষ্টেচন'ৰ আৰ্হিৰ পূজা মণ্ডপ ফিতা কাটি মুকলি কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । দৰং জিলাৰ ব্যবসায়ীক নগৰ হিচাপে খ্যাত খাৰুপেটীয়াৰ ২৫ বছৰ গৰকা টাইগাৰ ক্লাবৰ পূজা মণ্ডপ এক ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰে আয়োজক সকলে । প্ৰায় ৮ লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা দৰঙৰ ৰেল পথ, ষ্টেডিয়াম আদিকে ধৰি দীৰ্ঘদিনীয়া মুল সমস্যা সমূহ প্ৰতিবাদ অবিহনে পূজা মণ্ডপত উপস্থাপন কৰি জিলাবাসীৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰে পূজা সমিতিয়ে ।
দলগাঁও পূজা মণ্ডপৰ বিশেষ আকৰ্ষণ "থিম খাৰুপেটীয়া"
সপ্তমীত ভক্তৰ পূজা অৰ্চনাৰ মাজতেই শনিবাৰে খাৰুপেটীয়া টাইগাৰ ক্লাব পূজা মণ্ডপত নিৰ্মাণ কৰা থিম "খাৰুপেটীয়া ৰে'ল ষ্টেচন" ফিতা কাটি মুকলি কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই
দলগাঁও, ৫ অক্টোবৰঃ মহা সপ্তমী উপলক্ষে দেবী বন্দনাৰে মুখৰিত ৰাজ্যৰ পূজা মণ্ডপ সমূহ । সপ্তমীত ভক্তৰ পূজা অৰ্চনাৰ মাজতেই শনিবাৰে খাৰুপেটীয়া টাইগাৰ ক্লাৱে আয়োজন কৰা 'খাৰুপেটীয়া ৰে'ল ষ্টেচন'ৰ আৰ্হিৰ পূজা মণ্ডপ ফিতা কাটি মুকলি কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । দৰং জিলাৰ ব্যবসায়ীক নগৰ হিচাপে খ্যাত খাৰুপেটীয়াৰ ২৫ বছৰ গৰকা টাইগাৰ ক্লাবৰ পূজা মণ্ডপ এক ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰে আয়োজক সকলে । প্ৰায় ৮ লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা দৰঙৰ ৰেল পথ, ষ্টেডিয়াম আদিকে ধৰি দীৰ্ঘদিনীয়া মুল সমস্যা সমূহ প্ৰতিবাদ অবিহনে পূজা মণ্ডপত উপস্থাপন কৰি জিলাবাসীৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰে পূজা সমিতিয়ে ।
## - ২৫ বছৰীয়া টাইগাৰ ক্লাব পূজা মণ্ডপত সাংসদ দিলীপ শইকীয়া ।
## মুকলি কৰিলে খাৰুপেটীয়া ৰেল ষ্টেচন ।
## দলগাও সমষ্টিৰ মুল সমস্যাৰ " থিমৰে " ভক্তক আকৰ্ষণ কৰাৰ চেষ্টা খাৰুপেটীয়া ট্ৰাইগাৰ ক্লাবৰ ।
Body:
দলগাও / ৫ অক্টোবৰ
: আজি মহা সপ্তমী । মন্ডপে মন্ডপে দেবী বন্দনা । সপ্তমীত ভক্তৰ পূজা অৰ্চনাৰ মাজতেই শনিবাৰে খাৰুপেটীয়া টাইগাৰ ক্লাব পূজা মন্ডপত নিৰ্মাণ কৰা " থিম " খাৰুপেটীয়া ৰেল ষ্টেচন ফিতা কাটি মুকলি কৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই । দৰং জিলাৰ ব্যবসায়ীক নগৰ হিচাপে খ্যাত খাৰুপেটীয়াৰ ২৫ বছৰ গৰকা ট্ৰাইগাৰ ক্লাবৰ পূজা মণ্ডপটি এক ব্যতিক্ৰমী ৰূপত নিৰ্মাণ কৰে আয়োজক সকলে। প্ৰায় ৮ লক্ষাধিক টকাৰ ব্যয়েৰে নিৰ্মান কৰা দৰঙৰ ৰেল পথ , ষ্টেডিয়াম আদিকে ধৰি দীৰ্ঘদিনীয়া মুল সমস্যা সমূহ প্ৰতিবাদ অবিহনে পূজা মণ্ডপত উপস্থাপন কৰি জিলাবাসীৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰিছে । বাস্তৱত ৰেলৰ উকি নুশুনা দৰংবাসী ৰাইজে ৰেলৰ উকি শুনিবলৈ পালে খাৰুপেটীয়াৰ ট্ৰাইগাৰ ক্লাব দূৰ্গা পূজা মন্ডপত ।
Conclusion: মণ্ডলীৰ মতে ভক্তৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে এই মন্ডপটি ৷
আব্দুল হাকিম
দলগাও ।