ETV Bharat / state

কৰ’ণা হট্ স্পট হ’ব পাৰে মঙলদৈ মহকুমা বিষয়াৰ কাৰ্যালয়

অনান্য পিচ পৰা শ্ৰেণী,অনুসূচিত জাতি জনজাতি আৰু আদি লোক সকলক চৰকাৰী ভাবে সামগ্ৰী বিতৰণৰ যি আঁচনি আছে ,সেই আঁচনিৰ তালিকা ভুক্ত হ’বৰ বাবে প্ৰ-পত্ৰ পূৰণৰ বাবে মঙলদৈত ৰাইজৰ ভিৰ ৷ এনে অৱস্থাত কৰ’ণাৰ হট্ স্পট হোৱাৰ সম্ভাৱনা হৈ পৰিছে মঙলদৈ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় ৷

author img

By

Published : Sep 9, 2020, 2:14 PM IST

কৰ’ণা হট্ স্পট হ’ব পাৰে মঙলদৈ মহকুমা কাৰ্যালয়

দৰঙ, 9 ছেপ্টেম্বৰ : কৰ'ণা ভাইৰাছে যি সময়ত মানুহৰ মাজত মহামাৰী ৰূপ লৈ ত্ৰাসৰ সৃষ্টি কৰিছে, তেনে সময়ত দৰঙৰ মঙলদৈ স্থিত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত দেখা পোৱা গৈছে সাধাৰণ জনতাই টিনপাট সংগ্ৰহ কৰা নামত এই অকল্পনীয় ভিৰ । মুখত মাস্ক অথবা কোনো সামাজিক দূৰত্ব নোহোৱাকৈ ভিৰ কৰিছে সহস্ৰাধিক লোকে ৷

অনান্য পিচ পৰা শ্ৰেণী, অনুসূচিত জাতি জনজাতি আৰু আদি লোক সকলক চৰকাৰী ভাবে সামগ্ৰী বিতৰণৰ যি আঁচনি আছে , সেই আঁচনিৰ তালিকা ভুক্ত হ’বৰ বাবে প্ৰ-পত্ৰ পূৰণৰ সময়ত দেখা পোৱা গ’ল এক অভূতপূৰ্ব পৰিবেশ । মঙলদৈ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপতে অৱস্থিত দৰং জিলা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে ৰাতিপুৱা আঠ বজাৰ পৰা কেইবা সহস্ৰাধিক লোকৰ সমাগম হোৱা দেখা যায় । জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক সকলৰ প্ৰায় সংখ্যকৰে নাই কোনো মাস্ক ।

একেদৰেই কাৰ্যালয় চৌহদত হাজাৰ হাজাৰ লোকৰ হেঁচা-ঠেলা । যি সময়ত সামাজিক দূৰত্ব আৰু মাস্ক বাধ্যতামূলক কৰিছে, যিকোনো বিবাহ-সবাহত প্ৰশাসনৰ অনুমতি সাপেক্ষে ৫০ জনত কৈ বেছি লোক সমাগত হ’ব নোৱাৰে, তাৰ বিপৰীতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমীপতে হোৱা এনেকুৱা জনসমাগমে মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয় কৰ’ণা হট স্পট হোৱাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে ৷

লগতে পঢ়ক : ৰে'ল ব্যক্তিগতকৰণৰ বিৰুদ্ধে মালিগাঁৱত ৰে'ল কৰ্মচাৰীৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.