ETV Bharat / state

মুকলিৰ পূৰ্বেই জহি খহি গৈছে কোটি টকীয়া ৰাস্তা

দৰঙৰ দলগাঁৱত এটা পথ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী (Road construction corruption)। পথটো মুকলি কৰাৰ পূৰ্বেই ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত । ঠিকাদাৰৰ হেমাহিৰ বাবে পথৰ দুৰৱস্থা এনে হোৱাৰ অভিযোগ ৰাইজৰ ।

author img

By

Published : Sep 6, 2022, 3:57 PM IST

dalgaon
মুকলিৰ পূৰ্বেই জহি খহি গৈছে কোটি টকীয়া ৰাস্তা

দলগাঁও,৬ ছেপ্টেম্বৰ : দৰং জিলাৰ দলগাঁৱৰ এটা অতি গুৰুত্বপূৰ্ণ পথ । পথটো এতিয়া সমগ্ৰ অঞ্চলটোতে চৰ্চিত বিষয় হৈ পৰিছে । ৰাইজৰ মুখে মুখে পথটোৰ কথা । কিন্তু কিয় এই পথটোৱে গুৰুত্ব লাভ কৰিছে ?

উল্লেখ্য যে শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে পকী পথটো । ধুলাৰ পৰা খাৰুপেটীয়ালৈ এই পথটোৰ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in road construction)। কিয়নো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পূৰ্বেই পথটো জহি-খহি যাবলৈ আৰম্ভ কৰিছে । ঠায়ে ঠায়ে হৈছে বৃহৎ আকাৰৰ গাঁত ।

একপ্ৰকাৰ মৰণফান্দত পৰিণত হৈছে পথটো । দৰঙৰ ধুলাৰ পৰা টাংনী চাহ বাগিচা হৈ ওজাগাঁও হৈ খাৰুপেটীয়ালৈ যোৱা পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতে সমস্যাত পেলাইছে পথচাৰীক । আনকি বাহনৰ চলাচলৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছে । কিন্তু নিৰ্মাণৰ মাত্ৰ কিছুদিনৰ পাছতে এনেদৰে পথটো জহি খহি যোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে (Road collapsed in Dalgaon before opening)।

পথৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ কৰিছে ৰাইজে । একাংশ লোকে অভিযোগ কৰা মতে ঠিকাদাৰৰ হেমাহিৰ বাবে পথটো ঠায়ে ঠায়ে ভাগি গৈছে । য'ত কেইবাটাও দুৰ্ঘটনাও সংঘটিত হৈছে ।

কেইবা কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা এই পথটোৰ এনে দুৰৱস্থাৰ বাবে ৰাইজে চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনাইছে । আনহাতে নিৰ্মাণত জড়িত ঠিকাদাৰৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ পদক্ষেপ ল'বলৈও দাবী জনাইছে স্থানীয় লোকে ।

লগতে পঢ়ক:পুৱাই বোকাখাত চাহ বাগিচাত উতপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.