ETV Bharat / state

বন্দুক-বাৰুদ নহয়, কৰ্ম সংস্কৃতিৰে আলফা কেডাৰ ! - দিলীপ শইকীয়া শেহতীয়া বাতৰি

সোমবাৰে মঙলদৈৰ চামুৱাপাৰাত এখন ছাগলী ফাৰ্মৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ চৰকাৰৰ প্ৰচেষ্টাত আলোচনাপন্থী আলফাৰ 25 জনীয়া এটা দলে আৰম্ভ কৰিছে এই ফাৰ্মখন ৷

উদ্বোধনীৰ সময়ছোৱাত মুখ্যমন্ত্ৰী সোণোৱাল
author img

By

Published : Oct 21, 2019, 8:39 PM IST

দৰং, 21 অক্টোবৰঃ স্বাধীন অসমৰ সপোনৰে সশস্ত্ৰ বিদ্ৰোহত যোগদান কৰা আলফা কেডাৰৰ সদস্য সকলে দেখুৱাইছে স্বাৱলম্বিতাৰ অন্য এক নিদৰ্শন ৷ বন্দুক বাৰুদ নহয়, কৰ্ম সংস্কৃতিৰে আলফাৰ কেডাৰ ৷ আলোচনাৰ মাধ্যমৰে সশস্ত্ৰ বিদ্ৰোহ ত্যাগ কৰা আলফাৰ কেডাৰ সকলে চৰকাৰৰ সহযোগত গঢ়ি তুলিছে বৃহৎ ছাগলীৰ ফাৰ্ম ৷ সোমবাৰে মঙলদৈৰ চামুৱাপাৰাত এনে এখন ফাৰ্মৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা, মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ আৰু মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস ৷ আলোচনাপন্থী আলফাৰ 25 জনীয়া এটা দলে চৰকাৰৰ অৰ্থ সাহৰ্যৰে আৰম্ভ কৰিছে ফাৰ্মখন ৷

ছাগলীৰ ফাৰ্ম উদ্বোধনীৰ বাবে উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ইপিনে, অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে যে, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে অসমৰ বকুত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ এই ছাগলী ফাৰ্মখনে হৈছে ইয়াৰ এক বাস্তৱ উদাহৰণ ৷ আগন্তুক দিনবোৰত যি সকলে আলোচনাৰ মাধ্যমৰে সশস্ত্ৰ বিদ্ৰোহ ত্যাগ কৰি মূল সঁতিলৈ ঘূৰি আহিব, তেওঁলোকৰ সংস্থাপনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Intro:মঙলদৈ চামুৱাপাৰাত স্থাপন কৰে পশু পালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ ছাগলী পাম মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।Body: - বন্দুক বাৰুদ নহয় কৰ্ম সংস্কৃতিৰে আলফাৰ কেডাৰ ৷ স্বাধীন অসমৰ সপোন দেখা সংযুক্ত মুক্তি বাহিনী অসম ৰ কেডাৰ সকলে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ ৷ সশস্ত্ৰ সংগ্ৰামৰ পৰা উভতি আহি আলফাৰ কেডাৰ সকলে চৰকাৰৰ সহযোগত গঢ়ি তুলিছে বৃহৎ ছাগলীৰ পাম। মঙলদৈ চমুৱাপাৰাত থকা আলফাৰ ডেজিগনেটেড শিবিৰৰ ২৫ জনীয়া কেডাৰ সকলে চৰকাৰৰ অৰ্থ সাহাৰ্য্যৰে স্থাপন কৰা ছাগলী ফাৰ্মখন সোমবাৰে আনুস্থানিকভাবে উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
উক্ত পামখনত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে বিজেপি চৰকাৰৰ দিনত সংগঠন সমূহৰ পৰা মূল সুতিলৈ ঘূৰি অহা উগ্ৰপন্থী সদস্য সকলক সংস্থাপনৰ ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিব। আৰু এই ছাগলী পাম খন এক বাস্তৱ উদাহৰণ। লগতে উপ নিৰ্বাচনৰ ফলাফলো বিজেপিৰ যথেষ্ট ভাল হব বুলি মত প্ৰকাশ কৰে। অনুষ্ঠানত উপস্থিত থাকে পশুপালন মন্ত্ৰী অতুল বৰা , মংগলদৈ সাংসদ দিলীপ শইকীয়া লগতে বিধায়ক গুৰু জ্যোতি দাস ৷Conclusion:Debabrat goswami darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.