দলগাঁও, ২০ নৱেম্বৰ : দেশৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙৰ খাৰুপেটীয়াতো উলহ মালহেৰে উদযাপন কৰা হয় ষট পূজা ৷ সূৰ্য দেৱতাক আৰাধনা কৰাৰ উদ্দেশ্যে উদযাপন কৰা হয় ষট পূজা ৷ বিগত বছৰ সমূহত জাক জমকতাৰে ষট পূজা উদযাপন কৰা হৈছিল যদিও এইবছৰ ক'ভিড-19ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷

ষট পূজা উপলক্ষে খাৰুপেটীয়াৰ অশোকাষ্টমী মেলা ঘাটত থকা বৃহত পুখুৰীটো ভক্তৰ বাবে সজাই পৰাই সকলো ধৰণৰ ব্যৱস্থা কৰাৰ লগতে নিৰ্মাণ কৰা হয় অস্থায়ী পূজা মণ্ডপ ৷ ক'ভিড-১৯ ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য জিলা প্ৰশাসনে জাৰি কৰা নীতি নিয়মৰ মাজেৰে আৰম্ভ হয় ষট পূজা। জিলা প্ৰশাসনে পূজাস্থলীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে SDRF বাহিনীক সষ্টম কৰি ৰাখে।
লগতে পঢ়ক:আঘোনৰ পথাৰত ব্যস্ত চিৰাঙৰ দাৱনী