ETV Bharat / state

শিক্ষয়ত্ৰীক অশালীন প্ৰস্তাৱ, শিক্ষকক প্ৰহাৰৰ অভিযোগ বিদ্যালয়ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে

author img

By

Published : Oct 3, 2020, 8:53 PM IST

দৰমহাৰ বাবদ নৈশ যাপনৰ প্ৰস্তাৱ দিয়াৰ লগতে ৰাহুল আমিনে নানা অশ্লীল হোৱাটচ এপ মেছেজো শিক্ষয়ত্ৰী গৰাকীক প্ৰেৰণ কৰা বুলি অভিযোগ আনে মহিলাগৰাকীয়ে । যাৰ বাবে ক্ষোভিত হৈ শিক্ষয়ত্ৰী গৰাকীয়ে ছিপাঝাৰ আৰক্ষী থানাত ৰাহুল আমিনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে ।

baihata-teacher-physical-harassment
শিক্ষয়ত্ৰীক যৌন নিৰ্যাতনৰ অপচেষ্টাৰ অভিযোগ হলি মেৰি ইন্টাৰনেচনেল স্কুলৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে

বাইহাটা, 3 অক্টোবৰ : দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুমুনীচকীৰ হলি মেৰি ইন্টাৰনেচনেল স্কুলৰ স্বত্বাধিকাৰী ৰাহুল আমিন ওৰফে ৰাহুল শইকীয়াই বিদ্যালয় খনৰ এগৰাকী শিক্ষয়ত্ৰীক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত সাংবাদিকৰ সন্মুখত ভুক্তভোগী মহিলা গৰাকীয়ে কৰা অভিযোগ অনুসৰি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা তেখেতক নানা ধৰণৰ প্ৰলোভনৰ লগতে উচ্চ নিৰিখৰ দৰমহাৰ প্ৰস্তাবেৰে বিদ্যালয় খনত মকৰল কৰে । বিদ্যালয়ৰ স্বত্বাধিকাৰী ৰাহুল আমিনে ভাড়া ঘৰৰো বন্দৱস্ত শিক্ষয়ত্ৰী গৰাকীক কৰি দিছিল যদিও লকডাউন আৰম্ভ হোৱাৰ পৰা ঘৰভাড়া আৰু মাহিলি দৰমহা শিক্ষয়ত্ৰী গৰাকীক প্ৰদান নকৰাত বিপাঙত পৰে বহিঃৰাজ্যৰ শিক্ষয়ত্ৰী গৰাকী ।

শিক্ষয়ত্ৰীক অশালীন প্ৰস্তাৱ, শিক্ষকক প্ৰহাৰৰ অভিযোগ বিদ্যালয়ৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে

শিক্ষয়ত্ৰী গৰাকীয়ে ঘৰভাড়া আৰু মাহিলি দৰমহাৰ তাগিদা দিয়াত স্বত্বাধিকাৰী ৰাহুল আমিনে শিক্ষয়ত্ৰী গৰাকীক অশ্লীল ইংগিত দিয়া আৰম্ভ কৰে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শিক্ষয়ত্ৰীগৰাকীয়ে । দৰমহাৰ বাবদ নৈশ যাপনৰ প্ৰস্তাৱ দিয়াৰ লগতে ৰাহুল আমিনে নানা অশ্লীল হোৱাটচএপ মেছেজো শিক্ষয়ত্ৰী গৰাকীক প্ৰেৰণ কৰা বুলি অভিযোগ আনে মহিলাগৰাকীয়ে । যাৰ বাবে ক্ষোভিত হৈ শিক্ষয়ত্ৰী গৰাকীয়ে ছিপাঝাৰ আৰক্ষী থানাত ৰাহুল আমিনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে । কিন্তু ৰাহুল আমিনৰ পিতৃ ছিপাঝাৰ আৰক্ষী থানাত আৰক্ষী হিচাপে কৰ্মৰত বাবে ন্যায়ৰ ক্ষেত্ৰত শংকাত ভুগিছে শিক্ষয়ত্ৰী গৰাকীয়ে।

ইপিনে একেখন বিদ্যালয়ৰে জন জনসম্পৰ্কৰক্ষী বিষয়াও শিক্ষক দীপক মেনাকো স্বত্বাধিকাৰী ৰাহুল আমিনে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । শিক্ষক গৰাকীয়ে কৰা অভিযোগ অনুসৰি সাত আঠ মাহৰ দৰমহা পাবলৈ বাকী আছিল শিক্ষক গৰাকীয়ে । প্ৰাপ্য দৰমহা বিচাৰি যাওতে ৰাহুল আমিনে প্ৰথমে অশ্ৰাব্য ভাষাৰে গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে ।

ইয়াৰ পাছতে স্বত্বাধিকাৰী গৰাকীয়ে শিক্ষক গৰাকীক বেয়াকৈ মাৰধৰ কৰাৰ লগতে পিন্ধি থকা কাপোৰ পৰ্যন্ত ফালি চিৰি পেলায় । শিক্ষক গৰাকীয়েও ইতিমধ্যে ছিপাঝাৰ আৰক্ষী থানাত পৃথকে এক এজাহাৰ দাখিল কৰে । দুয়ো গৰাকী শিক্ষক শিক্ষয়ত্ৰীয়ে হলি মেৰি ইন্টাৰনেচনেল স্কুলৰ স্বত্বাধিকাৰী ৰাহুল আমিন ওৰফে ৰাহুল শইকীয়াৰ বিৰুদ্ধে দৰঙ জিলা আৰক্ষী অধীক্ষক গৰাকীক উচিত তদন্ত কৰি কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় ।
লগতে পঢ়ক: বিশ্বৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগ "অটল টানেল" মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.