দৰং, 29 আগষ্ট : দৰং জিলাৰ পিপৰাদোকানৰ এজন যুৱকে এইবাৰ উদ্ভাৱন কৰি উলিয়াইছে গোবৰ গেছেৰে চালিত এখন বাহন । প্ৰসন্ন ডেকা নামৰ যুৱকজনে 2019 বৰ্ষৰ আৰম্ভণিতে নিৰ্মাণ কৰি উলিাইছিল পানীৰে চলিব পৰা এখন বিশেষ গাড়ী ।
এই সফলতাৰ পাচতেই বৰ্তমান তেওঁ গোবৰ গেছৰ লগতে গছৰ পাতৰ দ্বাৰা চলিব পৰা বাহন এখনৰ উদ্ভাৱনৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছে ।
উল্লেখ্য যে, গোবৰ গেছ চালিত বাহন খনত তিনিৰ পৰা চাৰিজন যাত্ৰী কঢ়িয়াব পৰা ক্ষমতা থাকিব । ইন্ধনৰ ব্যাপক মূল্যবৃদ্ধি তথা প্ৰাকৃতিক সম্পদ সমূহৰ নাটনিৰ সময়তে দৰঙৰ এই যুৱকজনৰ প্ৰচেষ্টাই কঢ়িয়াইছে আশাৰ ৰেঙনি ।
কোনো আই টি আই অথবা অন্য অভিযান্ত্ৰিক প্ৰশিক্ষণ নোলোৱা যুৱকজনৰ সফলতাই ৰাইজৰ লগতে নামী-দামী গাড়ীৰ প্ৰতিষ্ঠান সমূহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ হবলৈ সক্ষম হ‘বনে ? সেয়া এক ডাঙৰ প্ৰশ্ন !
উল্লেখ্য যে, বৰ্তমান নিৰ্মাণ কৰি থকা গাড়ীখন অহা সপ্তাহতে বা অনাগত 15 দিনৰ ভিতৰত সম্পূৰ্ণ সাজু হৈ পথলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে উদ্ভাৱক প্ৰসন্ন ডেকাই ।
লগতে পঢ়ক : বাটাবাৰী সংৰক্ষিত বনাঞ্চলত বনৰীয়া হাতীৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ