দলগাঁও, 20 মাৰ্চঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতিক বুঢ়া আঙুলি দেখুৱাই একাংশ বিষয়া কৰ্মচাৰীৰ সহযোগত দুৰ্নীতি অনিয়মত লিপ্ত হৈছে পঞ্চায়তৰ বহু প্ৰতিনিধি। শেষতীয়াকৈ দৰঙৰ বেছিমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত খইৰাকাটা-ছকৰাবস্তি গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি, অনিয়মৰ তথ্য পোহৰলৈ আহিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰায় তিনি বছৰ পূৰ্বে জিলা গ্ৰামোন্নয়ন বিভাগে পঞ্চায়ত খনৰ অন্তৰ্গত ২নং চিকনমাটী গাঁৱৰ ৰীতা দেৱী নামৰ মহিলা গৰাকীৰ নামত আবন্টন দিছিল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটি গৃহ ৷
৩ বছৰ পূৰ্বে আবন্টিত গৃহটিৰ নিৰ্মাণ কাম আৰম্ভ কৰা হৈছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ কাম ৷ অৰ্ধ নিৰ্মিত গৃহটিক লৈ হতাশাত ভোগা ৰীতা দেবীৰ অভিযোগ,আবন্টিত গৃহৰ ধন বেংকৰ পৰা পঞ্চায়তৰ সদস্য সচিব আৰু পিয়নে চল-চাতুৰী কৰি হিতাধীকাৰীৰ দ্বাৰা উলিয়াই লৈ সমুদায় ধন আত্মসাৎ কৰে । যাৰ পৰিণতিত বিগত তিনি বছৰ ধৰি অৰ্ধ নিৰ্মিত হৈ আছে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহটি । অবশেষত উপায়ন্তৰ হৈ ৰীতা দেবী শৰণাপন্ন হয় সংবাদ মাধ্যম আৰু দল সংগঠনৰ ।
আৰু পঢ়কঃ দেশত 'সম্পূৰ্ণ বন্ধ'ৰ বাতৰিটো ভুৱা স্বীকাৰ কৰে পি.আই.বিয়ে