মঙলদৈ,১৪ ছেপ্টেম্বৰ: সমজগ্ৰ বিশ্বৰ লগতে ৰাজ্যকো ছানি ধৰিছে ড্ৰাগছৰ বৰবিহে । ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰ তথা অসম আৰক্ষী কঠোৰ হোৱাৰ পাছতো একাংশ দুষ্ট চক্ৰই এতিয়াও অবাধে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । এনে সময়তে মঙলদৈ মহাবিদ্যালয়ত সম্পন্ন হয় ড্ৰাগছৰ বিৰুদ্ধে এখনি সজাগতা সভা । মঙলদৈ মহাবিদ্যালয়ৰ উদ্যোগত আৰু দৰং জিলা বিদ্যালয় পৰিদৰ্শকৰ সহযোগত মঙলদৈ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয় ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাখনি ।

সহাকাৰী অধ্যাপক ডাঃ বৰ্নালী ডেকাই আঁতধৰা অনুষ্ঠানটিত উপষ্ঠিত থাকে দৰং জিলাৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক গৌৰি প্ৰিয়া দেউৰী, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কমলা কান্ত বড়া, জিলা স্বাস্থ্য বিষয়া ক্ৰমে ডাঃ মালবিকা গগৈ, ডাঃ লিপিকা বড়া বৰুৱা, মনোৰোগ বিভাগৰ মনোবিজ্ঞানী পুস্প কলিতা, সমাজসেৱক প্ৰাঞ্জল ঠাকুৰীয়া ।

জিলা আয়ুক্ত ঙাটেই ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ত ড্ৰাগছে সমগ্ৰ বিশ্বতে ছানি ধৰিছে আৰু ই সমাজখনক কোঙা কৰি ধৰিছে তাৰ বিপৰীতে আমি সমাজ সচেতন ব্যক্তিসকল তথা ছাত্ৰ-ছাত্ৰীসকলে এই মাৰাত্মক দ্ৰব্যবোৰৰ পৰা আঁতৰাই আনিব লাগিব আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰেও জোৰ দিছে আৰু বহু কোটি টকাৰ এনে ড্ৰাগছ বাজেয়াপ্ত কৰা বুলি সদৰী কৰে ।
নিদিষ্ট বক্তা হিচাপে মনোৰোগ বিশেষজ্ঞ তথা সমাজসেৱক প্ৰাঞ্জল ঠাকুৰীয়াই সমাজৰ প্ৰত্যেক স্তৰৰ ব্যক্তিকে কেনেকৈ সুৰা তথা হিৰ'ইনজাতীয় দ্ৰব্যই বিৰূপ প্ৰভাৱ পেলাইছে তাৰ বিষয়ে তথ্যচিত্ৰ সহাকাৰে বুজাই দিয়ে । একেটা চিৰিঞ্জৰ জৰিয়তে বহু ব্যক্তিয়ে হিৰ'ইনজাতীয় ড্ৰাগছ শৰীৰত লোৱাৰ ফলত ৰাজ্যত এইচ আই ভি পজিটিভ ব্যক্তিও বহু পৰিমানে বঢ়া বুলি সদৰী কৰে তেওঁ । মহাবিদ্যালয়ৰ অধ্যাপকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত এই সভাত সকলো সমল ব্যক্তিয়ে ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে আলোকপাত কৰে ।