মঙলদৈ, ১৬ মে': কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশজুৰি চলা লক ডাউনৰ পৰিপেক্ষিতত সমগ্ৰ দেশতেই শ্ৰমজীৱী জনসাধাৰণৰ জীৱন জীৱিকাৰ ক্ষেত্ৰত আহি পৰিছে কৰ্মহীনতা ৷ ইয়াৰ সমান্তৰালভাৱে জিলা সমুহৰ আদালত তৰণি সংঘৰ কৰ্মচাৰী সকলৰ মাজতো কৰ্মহীনতাই জীৱন জীৱিকাত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ৷ মঙলদৈ জিলা কাৰাগাৰৰ চৰকাৰী বেতন বিহীন তৰণি সংঘৰ প্ৰায় ১৫০ জন স্বেচ্ছাসেৱক কৰ্মচাৰীৰ লকডাউন বাবে আদালতৰ সাধাৰণ কামকাজ বন্ধ হৈ পৰাত নিজৰ লগতে পৰিয়াল পোহপালৰ ক্ষেত্ৰত বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷
তাৰোপৰি চৰকাৰে ঘোষণা কৰা কোনো আঁচনিতে এইসকল বেতন বিহীন কৰ্মচাৰীক অন্তৰ্ভূক্ত নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ যাৰ বাাবে সংঘৰ সদস্য সকলে লকডাউনৰ সময়ত বেতন বিহীন কৰ্মচাৰী সকলৰ বাবে চৰকাৰক যি কোনো এটি আঁচনিৰ অন্তৰ্ভূক্ত কৰিবলৈ অনুৰোধ জনায় ।