ETV Bharat / state

অনলাইন ব্যৱসায়েৰে স্বাৱলম্বীতাৰ নতুন পথ দৰঙৰ যুৱতীৰ - গামোচা ব্যৱসায়

অনলাইন ব্যৱসায়েৰে এগৰাকী যুৱতীৰ প্ৰসংশনীয় পদক্ষেপ ৷ অনলাইন ব্যৱসায়েৰে দৰঙৰ এগৰাকী যুৱতীয়ে গাঁৱৰ মহিলাসকলক প্ৰদান কৰিছে স্বাৱলম্বীতাৰ পথ ৷

অনলাইন ব্যৱসায়েৰে স্বাৱলম্বতীতাৰ এক নতুন সন্ধান দৰঙৰ যুৱতীৰ
author img

By

Published : Nov 22, 2019, 12:17 PM IST

দৰং,22 নৱেম্বৰ: ছ'চিয়েল মিডিয়াৰ অপপ্ৰয়োগেৰে সমাজত যিদৰে এচাম লোকৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহিছে, তেনে এক সময়তে একাংশ লোকে ছ'চিয়েল মিডিয়াৰ সৎ ব্যৱহাৰক ব্যৱসায়ৰ পন্থা হিচাবে গঢ়ি তুলিছে ৷ তাৰেই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে দৰঙৰ দক্ষিণচুবুৰীৰ অনিন্দিতা স্বৰ্ণকাৰ নামৰ এগৰাকী যুৱতীয়ে ৷

অসমীয়াৰ স্বাভিমান গামোছা , চাদৰ মেখেলা আৰু চেলেং আদি তাঁতশালৰ ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে উৎপাদন কৰিছে ৷ তদুপৰি ফুলাম জাপিত ঘড়ী সংযোজন কৰি সাজি উলিয়াইছে আটক ধুনীয়া ঘড়ী ৷ সকলো সামগ্ৰী ঘৰৰ পৰাই অনলাইনৰ মাধ্যমেৰে বিক্ৰী কৰিছে ৷ যাৰ যোগেদি অনলাইনৰ জগতখনৰ ক্ষেত্ৰত সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷ SRB আত্মসহায়ক নামেৰে চৰকাৰী পঞ্জীয়ন ভুক্ত গোটটোৰ নেতৃত্ব প্ৰদান কৰিছে উচ্চ শিক্ষিত যুৱতী অনিন্দিতা স্বৰ্ণকাৰ নামৰ যুৱতীগৰাকীয়ে ৷ তাঁতশালৰ ক্ষুদ্ৰ উদ্যোগটোৱে গাঁৱৰ মহিলাসকলক স্বনিৰ্ভৰশীল হোৱাৰ পথ প্ৰদান কৰিছে ৷

তথ্যনুসৰি, সপ্তাহত ক্ষুদ্ৰ উদ্যোগটোত ৪০০ গামোছা উৎপাদন কৰাৰ উপৰিও চাদৰ - মেখেলা উৎপাদন কৰে ২০ জোৰা ৷ কম মূল্যত অনলাইনৰ জৰিয়তে গ্ৰাহকসকলক বিক্ৰী কৰি লাভবান হৈছে SRB নামৰ আত্মসহায়ক গোটটো ৷ এটকাও চৰকাৰী সাহায্য লাভ নকৰাকৈ গঢ়ি তোলা ক্ষুদ্ৰ উদ্যোগটোৰ জৰিয়তে অনলাইনৰ এখন সুকীয়া বজাৰো দখল কৰিবলৈ সক্ষম হৈছে ৷

অনলাইন ব্যৱসায়েৰে স্বাৱলম্বতীতাৰ এক নতুন সন্ধান দৰঙৰ যুৱতীৰ

আৰু পঢ়ক গুৱাহাটীত এতিয়াও চলি আছে প্লাষ্টিকৰ ব্যৱহাৰ

Intro:অনলাইন ব্যৱসায়েৰে এগৰাকী যুৱতীয়ে গাঁৱৰ মহিলাক দিছে স্বাৱলম্বিতাৰ পথ ৷
# অনলাইন ব্যৱসায়েৰে এগৰাকী যুৱতীৰ প্ৰসংশনীয় পদক্ষেপ ৷

# ঘৰৰ পৰাই চলাইছে অনলাইন ব্যৱসায় ৷

# গঢ়ি তুলিছে তাঁতশালৰ ক্ষুদ্ধ উদ্যোগ ৷

# উৎপাদন কৰিছে গামোছা চাদৰ- মেখেলা চেলেং ৷
# ফুলাম জাপিত ঘড়ী সংযোজন কৰি বিক্ৰী কৰিছে অনলাইনত ৷

# তাঁতশালত কাপোৰ উৎপাদন কৰিছে গাঁৱৰ মহিলাই ৷

# ছিপাঝাৰ কদমতলীৰ প্ৰদান কৰিছে নাৰী সবলীকৰণৰ অনন্যা মাত্ৰা ৷

# SRB আত্মসহায়ক গোটটোৱে গাঁৱৰ মহিলাক দিছে স্বাৱলম্বিতাৰ পথ ৷

# কম মুল্যত অনলাইনৰ জড়িয়তে বিক্ৰী কৰে উৎপাদিত সামগ্ৰী ৷

# ৰাইজৰ বিপুল সহাৰিত হাঁহি বিৰিঙিছে SRB আত্মসহায়ক গোটৰ ৷ Body:ছ'চিয়েল মিডিয়াৰ
কৰাল গ্ৰাসত এতিয়া শিশুৰ পৰা বৃদ্ধলৈ ৷ ছ'চিয়েল মিডিয়াৰ বাবে একাংশ লোকৰ হৈছে লটিঘটি ৷ একাংশ লোকৰ সংসাৰত লাগিছে জুই ৷ আন একাংশ লোকে খাইছে জেলৰ ভাত ৷ কিছু সংখ্যকে লৈছে মৃত্যুৰ দৰে চৰম পন্থা ৷

তেনে সময়তে ছ'চিয়েল মিডিয়াৰ সৎ ব্যৱহাৰেৰে একাংশ লোকে গঢ়ি তুলিছে ব্যৱসায়ৰ পন্থা হিচাবে ৷ তাৰেই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে দৰঙৰ দক্ষিণচুবুৰীৰ অনিন্দিতা স্বৰ্ণকাৰ নামৰ এগৰাকী যুৱতীয়ে ৷ অসমীয়াৰ স্বাভিমান গামোছা , চাদৰ মেখেলা আৰু চেলেং উৎপাদন কৰিছে তাঁতশালৰ ক্ষদ্ৰ উদ্যোগৰ জড়িয়তে ৷ ফুলাম জাপিত ঘড়ী সংযোজন কৰি সাজি উলিয়াইছে আটক ধুনীয়া ঘড়ী ৷ সকলো সামগ্ৰী বিক্ৰী কৰিছে ঘৰৰ পৰাই অনলাইনৰ মাধ্যমেৰে ৷ দখল কৰিছে অনলাইনৰ জড়িয়তে সুকীয়া বজাৰ ৷ SRB আত্মসহায়ক নামেৰে চৰকাৰী পঞ্জীয়ন ভুক্ত গোটটোৰ নেতৃত্ব প্ৰদান কৰিছে উচ্চ শিক্ষিত যুৱতী অনিন্দিতা স্বৰ্ণকাৰ নামৰ এগৰাকী যুৱতীয়ে ৷ তাঁতশালৰ ক্ষুদ্ৰ উদ্যোগতোৰে গাঁৱৰ মহিলাক দিছে স্বনিৰ্ভৰশীল হোৱাৰ পথ ৷ প্ৰদান কৰিছে নাৰী সবলীকৰণৰ অনন্যা মাত্ৰা ৷ সপ্তাহত ক্ষুদ্ৰ উদ্যোগটোত ৪০০ গামোছা উৎপাদন কৰাৰ উপৰিও চাদৰ - মেখেলা উৎপাদন কৰে ২০ জোৰা ৷ কম মুল্যত অনলাইনৰ জড়িয়তে গ্ৰাহক সকলক বিক্ৰী কৰি লাভবান হৈছে SRB আত্মসহায়ক গোটটো ৷ এটকাও চৰকাৰী সাহায্য লাভ নকৰাকৈ গঢ়ি তোলা ক্ষুদ্ৰ উদ্যোগটোৰ জড়িয়তে অনলাইনৰ এখন সুকীয়া বজাৰো দখল কৰিবলৈ সক্ষম হৈছে এই SRB গোটটোৱে ৷Conclusion:Debabrat goswami Darrang
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.