ETV Bharat / state

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ - বনৰীয়া হাতীৰ আক্ৰমণ

ৰাজ্যৰ বিভিন্ন স্থানত অব্য়াহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শেহতীয়াকৈ চিৰাঙ জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁৱত বন্যহস্তীৰ তাণ্ডৱত বিনিদ্ৰ ৰজনী কটাইছে গাঁৱবাসীয়ে ৷

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ
author img

By

Published : Sep 7, 2019, 10:29 PM IST

চিৰাং, 7 ছেপ্তেম্বৰঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শেহতীয়াকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী চিৰাং জিলাত বন্যহস্তীয়ে তাণ্ডৱ চলাই কেবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে অন্যান্য সামগ্ৰীৰ বিস্তৰ ক্ষতিসাধন কৰে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীয়ে তাণ্ডৱ চলায় জিলাখনৰ 1নং অগ্ৰঙত ৷ গাঁৱখনৰ কেবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে অন্যান্য সামগ্ৰী তথা কৃষিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰে বন্যহস্তীৰ দলটোৱে ৷

ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ

উল্লেখ্য যে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল তথা ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতীৰ আক্ৰমণ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। একাংশ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন ধ্বংস আৰু বন বিভাগে আজিকোপতি বৈদ্যুতিক শ্বৰ্ট লাইনৰ আনধুনিকীকৰণ নকৰাৰ ফলত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

Intro:চিৰাঙৰ বিজনী ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁৱত বন্যহস্তীৰ তাণ্ডৱ। ১ নং অগ্ৰঙত বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে কৃষকৰ বাসগৃহ। নিতৌ বন্যপ্ৰাণীয়ে তাণ্ডৱ চলায় সীমান্তৰ এই সমুহ ৰাজহ গাঁওত । তাৰ বিপৰিতে বন বিভাগ বা চৰকাৰে গ্ৰহন কৰা নাই কোনো ব্যৱস্থা ।

Body:চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ। শুক্ৰবাৰে নিশা ১ নং অগ্ৰঙত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে খেতি পথাৰ তথা ধান খাই তচনচ্ কৰে কৃষকৰ বাসগৃহ। ১ নং অগ্ৰঙৰ হাৰাণ মণ্ডল আৰু ব্ৰজেন দাসৰ ঘৰৰ দৃশ্য এয়া হাৰাণ মণ্ডলৰ একমাত্ৰ বাসগৃহটো হাতীয়ে ভাঙি তচনচ্ কৰাত বিপাঙত পৰিছে হাৰাণ মণ্ডলৰ পৰিয়াল।

BYTE.(1): হাৰাণ মণ্ডলৰ পৰিয়াল।

BYTE.(2): সুভংকৰ ঘোষ, সভাপতি, বঙাইগাঁও-চিৰাং জিলা SFI

Conclusion:উল্লেখ্য যে চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চল তথা ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতীৰ আক্ৰমণ নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। একাংশ লোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বন ধ্বংস আৰু বন বিভাগে আজিকোপতি বৈদ্যুতিক শ্বৰ্ট লাইনৰ আনধুনিকিকৰণ নকৰাৰ ফলত বন্যহস্তীৰ উপদ্ৰপ বৃদ্ধি পাইছে বুলি অভিযোগ কৰে। চৰকাৰৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.