ETV Bharat / state

ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰিলে উৰ্খাউ গৌৰা ব্ৰহ্মই - Urkhau Gaura Brahma

ক'ভিড পৰিস্থিতিৰ মাজতে চিৰাঙৰ অতিকে ভিতৰুৱা গাঁও সুবাইঝাৰত থকা ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ তথা পুলি বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্মই ৷ কেন্দ্ৰটো পৰিভ্ৰমণ কৰি মন্ত্ৰী গৰাকীয়ে কয়. বৰ্তমানলৈকে চৰকাৰ হাতত কেন্দ্ৰটোৰ একো তথ্য নাই ৷ গতিকে তথ্য সংগ্ৰহ কৰি প্ৰয়োজনীয় কাংমখিনি কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

Urkhau Gaura Brahma visits Silk Production and Training Centre
ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰিলে উৰ্খাউ গৌৰা ব্ৰহ্মই
author img

By

Published : Jun 22, 2021, 1:50 PM IST

চিৰাং,22 জুন: সোমবাৰে চিৰাঙৰ অতিকে ভিতৰুৱা গাঁও সুবাইঝাৰত উপস্থিত হয় ৰাজ্যৰ কেবিনেট মন্ত্ৰী উৰ্খাউ গৌৰা ব্ৰহ্ম ৷ ক'ভিড পৰিস্থিতিৰ মাজতে গাঁওখনত উপস্থিত হৈ ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ তথা পুলি বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰটো পৰিভ্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, কেন্দ্ৰটোৰ চাৰিসীমাৰ বেৰৰ জৰিয়তেহে ইয়াক সুৰক্ষা প্ৰদান কৰা উচিত ৷ প্ৰাকৃতিক ভাৱে ইয়াৰ কোনো সা-সলনি ঘটোৱাৰ প্ৰয়োজন নাই ৷ কাৰণ অসমৰ একমাত্ৰ অসংগঠিত শিল্পটোৱেই হৈছে হস্ততাঁত শিল্প ৷

বৰ্তমানলৈকে এই কেন্দ্ৰটোৰ জৰিয়তে অঞ্চলটোৰ লোকসকল উপকৃত হৈ আহিছে ৷ কিন্তু বৰ্তমানলৈকে অসম চৰকাৰৰ হাতত কেন্দ্ৰটো সন্দৰ্ভত কোনো তথ্য নাই ৷ বৰ্তমানলৈকে অসমত কিমান মানুহ এই শিল্পটোৰ লগত জড়িত হৈ আছে ? কি সামগ্ৰী কিমান পৰিমানে উৎপাদন হৈছে ? এই সন্দৰ্ভত কোনো গাণিতীক সমীক্ষা নাই ৷ চৰকাৰে মাথো বস্ত্ৰ শিল্প প্ৰদৰ্শনীৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থাহে কৰি দিব পাৰো ৷ গতিকে পূৰ্বৰ চৰকাৰে যি কাম নকৰিলে সেয়া এইখন চৰকাৰে কৰিব ৷

ৰেচম উৎপাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰিলে উৰ্খাউ গৌৰা ব্ৰহ্মই

ইফালে, কেন্দ্ৰটোৰ পৰা গছ পুলি লৈ ঘৰতে নিজাকৈ বহুলোকে মুগা পালন কৰি আহিছে ৷ যাৰ ফলত বহুলোক বিভিন্ন ধৰনে উপাৰ্জন কৰি স্বাৱলম্বী হৈ আহিছে ৷ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি অহা পৰম্পৰাগত গামোচা, আৰনাই আদি প্ৰস্তুত কৰাৰ লগতে আন আন বিভিন্ন ধৰণৰ অত্যাধুনিক বস্ত্ৰ প্ৰস্তুত কৰি এই শিল্পটোক জীয়াই ৰাখিছে ৷ গতিকে, এই সকল লোকক উপকৃত কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

হস্ততাঁত শিল্পক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন কাম আধৰুৱা হৈ আছে যদিও নৱ গঠিত চৰকাৰখনে এই সকলোবোৰ দিশ সামৰি ল'ব বুলিও আশ্বাস প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: কি আছে নতুন ক’ভিড নিৰ্দেশনাত...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.