ETV Bharat / state

চুপাৰী ভৰ্তি ট্ৰাকসহ আটক দুজন - ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ

চুৰি চুপাৰী ভৰ্তি ট্ৰাকসহ আৰক্ষীৰ জালত দুজন ৷ চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ এইসমূহ চুপাৰী ৷

two person arrested with illegal Supari
two person arrested with illegal Supari
author img

By

Published : Sep 7, 2020, 2:37 AM IST

চিৰাং, 6 ছেপ্টেম্বৰ : চিৰাঙত আৰক্ষীৰ অভিযানত চুৰি চুপাৰী ভৰ্তি ট্ৰাকসহ দুজন লোকক গ্ৰেপ্তাৰ । চিৰাং জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এই সন্দৰ্ভত জনায় যে বিশেষ সূত্ৰে পোৱা তথ্যৰ ভিত্তিত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিজনী দহলা পাৰা টোল গেটত আৰক্ষীয়ে অভিযান চলায় দেওবাৰে পুৱা ৫ বজাত চুৰি চুপাৰী কঢ়িয়াই বঙাইগাঁও জিলাৰ মানিক পুৰৰ পৰা অহা এএছ ০১ জেচি ৮১৭১ নম্বৰৰ ট্ৰাকখন জব্দ কৰে ।

two person arrested with illegal Supari
চুপাৰী ভৰ্তি ট্ৰাকসহ আটক দুজন

ইয়াৰ লগতে ট্ৰাক খনৰ চালক বৰপেটা জিলাৰ কলগাচিয়া বৰদৰগাহ চৰ্চৰীয়াৰ মজিবুল ইচলাম আৰু বৰপেটা কলহভাঙাৰ খালাচি ইমৰান হুছেইনক গ্ৰেপ্তাৰ কৰিছে । গাড়ীখনত নথি বিহীন ৮০ বস্তা চুপাৰী আছিল । এই সমুহ চুপাৰী অবৈধ ভাৱে চুৰি চক্ৰৰ সৈতে মিলি ব্যৱসায় কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।

two person arrested with illegal Supari
অনুজ্ঞাপত্ৰবিহীন চুপাৰী

ঘটনা সন্দৰ্ভত বিজনী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪২০/৪১১/৩৪ ধাৰা অনুসৰি ৩১৭/২০ নম্বৰ গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : এতিয়াও ৰহস্যত ডাঃ ৰাহুল বসুমতাৰীৰ হত্য়াৰ কাৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.