ETV Bharat / state

বিজনীত ড্ৰাগছসহ আটক দুই যুৱক - অসম নিউজ

আটক কৰা যুৱকজনৰ পৰা জব্দ কৰে 11 টা কৈ ব্ৰাউন চুগাৰৰ টেমাসহ 47 হাজাৰ টকা আৰু এখন স্কুটি ৷ শনিবাৰে বিজনী মহকুমা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানতে দহলাপাৰা-শিয়ালমাৰীস্থিত টোলগেটৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ ব্যৱসায়ী জুবৈইদ আহমেদ আৰু ফাৰুক আবদুল্লা ৷

বিজনীত ড্ৰাগছসহ আটক দুই যুৱক
author img

By

Published : Jun 15, 2019, 8:57 PM IST

চিৰাং, 15 জুনঃ চিৰাঙৰ বিজনীত আটক দুই ড্ৰাগছ ব্যৱসায়ী ৷ আটক কৰা ব্যৱসায়ীজনৰ পৰা জব্দ কৰে 11 টা কৈ ব্ৰাউন চুগাৰৰ টেমাসহ 47 হাজাৰ টকা আৰু এখন স্কুটি ৷ শনিবাৰে বিজনী মহকুমা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা অভিযানতে দহলাপাৰা-শিয়ালমাৰীস্থিত টোলগেটৰ সমিপৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই ড্ৰাগছ ব্যৱসায়ী জুবৈইদ আহমেদ আৰু ফাৰুক আবদুল্লা । ধৃত ব্যৱসায়ী দুজন বিজনীৰ কাউয়াটিকাৰ বাসিন্দা বুলি মন্তব্য কৰে আৰক্ষী বিষয়া প্ৰকাশ মেধিয়ে ৷

উল্লেখ্য যে, বিগত এসপ্তাহৰ ভিতৰত চিৰাং আৰু বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে বহুকেইজন ড্ৰাগছৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

Intro:চিৰাং আৰু বঙাইগাঁও জিলা ড্ৰাগছৰ ঘাটিত পৰিনত হবলৈ লৈছে । যোৱা এটা সপ্তাহত চিৰাং আৰু বঙাইগাঁওৰ বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে বহুকেইজন ড্ৰাগছৰ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । Body:চিৰাং জিলাৰ বিজনীৰ ডাঙাইগাওঁত বিজনী আৰক্ষীৰ অভিযানত ২ জন ড্ৰাগছৰ ব্যৱসায়িক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। আটক কৰাৰ সময়ত ২ জনৰ পৰা ১১টাকৈ ব্ৰাউন চুগাৰৰ কন্টেইনাৰ, নগত ধন ৪,৭০,২০ টকা আৰু এখন হোন্ডা ডিও স্কুটি উদ্ধাৰ কৰে। চিৰাং জিলাত বহু দিনৰ পৰা ড্ৰাগছৰ (ব্ৰাউন চুগাৰৰ) ৰমৰমীয়া বেহা চলাই আহিছিল এই দুজন যুবকে। যুৱ সমাজক ধ্বংশৰ গৰাহলৈ ঠেলি দি এই যুবক দ্বয়ে বজাৰত গোপনে এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়েৰে কোটী টকাৰ ব্যৱসায় কৰি আছিল। কিন্তু ১০০ গৰু মাৰিলে বাঘৰো মৰন হয়, সেয়াই আজি বিজনী মহকুমা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া প্ৰকাশ মেধি এক গোপন শুত্ৰৰ পমখেদি বিজনী দহলাপাৰা-শিয়ালমাৰীস্থিত টোলগেটৰ সমিপত ড্ৰাগচ,স্কুটি,নগদ ৪,৭০,২০ টকা সহ দুই ড্রাগচ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা দুই ড্ৰাগছ ব্যৱসায়ী ক্ৰমে জুবৈইদ আহমেদ আৰু ফাৰুক আবদুল্লা।

সংবাদ মাধ্যমক বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিয়ে জনোৱা মতে বিজনীৰ কাউয়াটিকাৰ বাসিন্দা এই দুই ড্ৰাগচ ব্যৱসায়ী।

কোনো বাইট দিয়া নাই।
Conclusion:চিৰাং আৰু কোকৰাঝাৰ জিলা ড্ৰাগছৰ ঘাটিত পৰিনত কৰিবলৈ লৈছে দুষ্টচক্ৰই । এই ক্ষেত্ৰত সকলো পক্ষৰ পৰা চোকা নজৰ ৰাখিব নোৱাৰিলে তিলে তিলে মৃত্যু মুখলৈ গতি কৰিব পাৰে আপোনাৰ অতিকে মৰমৰ সন্তানটিও ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.