ETV Bharat / state

খোজকাঢ়ি দিল্লীলৈ যাত্ৰা কৰা ৰাজেশ মহানন্দক বঙাইগাঁৱত আদিবাসী ছাত্ৰ সন্থাৰ সম্ভাষণ

author img

By

Published : Nov 10, 2021, 6:39 PM IST

আদিবাসী সকলৰ সমস্যাৰ সমাধানৰ দাবীৰে দিল্লীলৈ পদযাত্ৰা তিনিচুকীয়াৰ ৰাজেশ মহানন্দৰ । তিনচুকীয়াৰ ডুমডুমাৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে ৰাজেশে । বুধবাৰে বঙাইগাঁৱত উপস্থিত হয় ৰাজেশ মহানন্দ । দিল্লীত ৰাজেশে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীকে ধৰি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

youth walks to Delhi
দিল্লীলৈ পদযাত্ৰা তিনিচুকীয়াৰ ৰাজেশ মহানন্দৰ

চিৰাং, ১০ নৱেম্বৰ: বছৰ বছৰ ধৰি জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই অহাৰ পাচতো আজি পৰ্যন্ত আদিবাসী সকলৰ দাবী পূৰণ নহ'ল । চৰকাৰে সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে ঠিকেই; কিন্তু শাসনত অধিষ্ঠিত হোৱাৰ পাচতে প্ৰতিশ্ৰুতি পাহৰি যায় । সেয়ে, আদিবাসীসকলৰ সমস্যাৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিবলৈ দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিলে তিনিচুকীয়াৰ ৰাজেশ মহানন্দে । হাতত জাতীয় পতাকা লৈ তিনিচুকীয়াৰ ডুমডুমাৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছে ৰাজেশে ।

ডুমডুমাৰ পৰা খোজকাঢ়ি আহি ১৪ দিনৰ অন্তত বুধবাৰে বঙাইগাঁৱত উপস্থিত হয় ৰাজেশ মহানন্দ । বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত উপস্থিত হোৱাৰ পাচতে ৰাজেশক সম্ভাষণ জনায় আদিবাসী ছাত্ৰ সন্থাই । প্ৰায় ৩ মাহৰ অন্তত দিল্লীত উপস্থিত হ'ব বুলি আশা কৰিছে ৰাজেশে । আদিবাসী ছাত্ৰ সন্থাৰ লগতে আন লোকসকলেও তেওঁৰ এই যাত্ৰা সফল হোৱাৰ কামনা কৰিছে ।

লগতে আদিবাসী সকলৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছে । দিল্লীত উপস্থিত হোৱাৰ পাচত ৰাজেশে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীকে ধৰি কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক । যুৱকজনৰ এই প্ৰচেষ্টাৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ সকলোকে আহ্বান জনায় আদিবাসী ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:হায় মানৱতা ! পিতৃ-মাতৃক নিৰ্দয়ভাৱে প্ৰহাৰ নিজ সন্তানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.