ETV Bharat / state

চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বলি দশম শ্ৰেণীৰ ছাত্ৰ - পঞ্জীয়ন

ৰাজ্যৰ শিক্ষা বিভাগত সময়ে সময়ে আজৱ কাণ্ড সংঘটিত হৈ থাকে,তাৰ ব্যতিক্ৰম নহ’ল চিৰাং জিলাতো,জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুলত শেহতীয়াকৈ পোহৰলৈ আহিছে এক আজৱ ঘটনা,যি সময়ত চৰকাৰে গুণগত শিক্ষাৰ পোষকতা কৰিছে তেনে সময়ত চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই ফল ভুগিবলগীয়া হৈছে ৷

student reading continously four year at same class in Chirang
চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বলি দশম শ্ৰেণীৰ ছাত্ৰ
author img

By

Published : Nov 30, 2019, 6:07 PM IST

চিৰাং, 30 নৱেম্বৰ: ৰাজ্যৰ শিক্ষা বিভাগত সময়ে সময়ে আজৱ কাণ্ড সংঘটিত হৈ থাকে । তাৰ ব্যতিক্ৰম নহ’ল চিৰাং জিলাও। জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুলত শেহতীয়াকৈ পোহৰলৈ আহিছে এক আজৱ ঘটনা। যি সময়ত চৰকাৰে গুণগত শিক্ষাৰ পোষকতা কৰিছে তেনে সময়ত চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বাবে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই ফল ভুগিবলগীয়া হৈছে ৷ ভুক্তভোগী ছাত্ৰজন হৈছে দেউশ্ৰী মোহনপুৰৰ বাসিন্দা আমিন মুৰ্মুৰৰ পুত্ৰ পৱিত্ৰ মুৰ্মু ৷ ঘটনাৰ বিৱৰণী মতে, ছাত্ৰজনে ২০১৭ চনত শান্তিপুৰ হাইস্কুলত নামভৰ্তি কৰে । দশম শ্ৰেণীত বয়স কমৰ দোহাই দি প্ৰধান শিক্ষক গৰাকীয়ে ছাত্ৰজনৰ নাম পঞ্জীয়ন নহয় বুলি কয় ৷ ফলত পৱিত্ৰ মুৰ্মুয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হয়। পিছৰ বছৰতো প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰীৰ হেমাহিৰ বাবে নাম পঞ্জীয়নৰ পৰা ছাত্ৰজন বঞ্চিত হয় ।

চিৰাঙত প্ৰধান শিক্ষকৰ হেমাহিৰ বলি দশম শ্ৰেণীৰ ছাত্ৰ

ইপিনে শিক্ষা বিভাগৰ নিয়ম অনুসৰি একেটা শ্ৰেণীতে আৰু দুবছৰ পঢ়িব লাগিব ছাত্ৰজনে ৷ অৰ্থাৎ দশম শ্ৰেণীতে চাৰি বছৰ পঢ়াৰ পিচত ২০২১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা লাভ কৰিব পৱিত্ৰ মুৰ্মুয়ে। ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষকজনে গা এৰা মন্তব্যৰে নিজকে দোষমুক্ত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে ৷ ইপিনে চাওতাল ছাত্ৰ সন্থাই বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক সাক্ষাৎ কৰি উচ্চপৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । বিষয়াজনে পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব ৷

লগতে চাওক:২০২০ বৰ্ষৰ ৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ ৰাজ্য চৰকাৰৰ

Intro:চিৰাঙৰ শিক্ষা বিভাগত আজৱ কাণ্ড, প্ৰধান শিক্ষকৰ ভূলৰ বাবে দশম শ্ৰেণীত চাৰি বছৰ পঢ়িব লাগিব চিৰাঙৰ শান্তিপুৰৰ এজন ছাত্ৰৰ ।

Body:শিক্ষা বিভাগত সময়ে সময়ে কিছু আজৱ ঘটনা ঘটিয়ে থাকে । তাৰ ব্যাতিক্ৰম নহল এই বাৰ চিৰাং জিলাৰতো । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ হাইস্কুলত শেষতীয়া কৈ পোহৰলৈ আহিছে এক আজৱ ঘটনা । যি সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ গুনগত শিক্ষাৰ লগতে ভাল শিক্ষা দিয়াৰ পোষকতা কৰিছে তেনে সময়তে চিৰাঙত সংঘটিত হৈছে এক ব্যাতিক্ৰমি ঘটনা । প্ৰধান শিক্ষকৰ ভূলৰ বাবে শান্তিপুৰ হাইস্কুলৰ দশম শ্ৰেণীত এজন ছাত্ৰই চাৰি বছৰ পঢ়িবলগীয়া হব । দেউশ্ৰি মোহনপুৰৰ বাসিন্দা শ্ৰমজীৱি আমিন মুৰ্মুৰৰ পুতেক পৱিত্ৰ মুৰ্মুৰ সৈতে সংঘটিত হৈছে তেনেই এক ঘটনা। আমি হঠাতেই উক্ত ঘটনাৰ তথ্য লাভ কৰি ঘটনাৰ বিতং জানিবলৈ উপস্থিত হৈছিলো সীমান্তৰ দেউশ্ৰি মোহন পুৰগাঁওত । সোধপিচ কৰি গমপালো যে দশম শ্ৰেণীৰ ছাত্ৰ পৱিত্ৰ মুৰ্মু পথৰ কামত হাজিৰা কৰিবলৈ ওলাই গৈছে । বিচাৰি বিচাৰি পালো মানে হাজিৰা কামত ব্যাস্থ দশম শ্ৰেণীৰ ছাত্ৰ পৱিত্ৰ মুৰ্মু । তাতেই তেওঁৰ সৈতে কথা পাতি জানিব পৰা মতে পঢ়াশুনাত ভাল ছাত্ৰ জনে মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তিৰ্ণ হৈ দেউশ্ৰি মধ্য ইংৰাজী বিদ্যালয়ত পঢ়াশুনাৰ পিচত উত্তিৰ্ণ হৈ শান্তিপুৰ হাইস্কুলত ২০১৭ চনত নামভৰ্তি কৰে নৱম শ্ৰেণীত । দশম শ্ৰেণীত ২০১৮ চনত উঠে যদিও বয়স কম হোৱাত ৰেজিষ্ট্ৰেচন নহয় আৰু হাইস্কুল শেষান্ত পৰিক্ষাৰ পৰা বঞ্চিত হয় । তাৰ পিচৰ বছৰতো প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰীৰ ভূলৰ বাবে নাম পঞ্জিয়নৰ পৰা বঞ্চিত হয় । অৰ্থাৎ দুবছৰ দশম মানত পঢ়াৰ পিচত হে নৱম শ্ৰেণীৰ পঞ্জিয়ন হয় ২০১৯ চনত । এতিয়া নিয়ম অনুসৰি নৱম আৰু দশম শ্ৰেণীৰ বাবে আৰু দুবছৰ পঢ়িব লাগিব একেটা শ্ৰেণীতে । দশম শ্ৰেণীত মুঠ চাৰি বছৰ পঢ়াৰ পিচত হে অহা ২০২১ চনত হাইস্কুল শেষান্ত পৰিক্ষাত বহাৰ সুবিধা লাভ কৰিব পৱিত্ৰ মুৰ্মুয়ে । মুৰ্মুয়ে জনোৱা মতে নিজৰ জন্মৰ তাৰিখ ১১/১০/২০০৪ চন । বয়স কম হোৱাৰ দোহাই নিজৰ ভূল লুকুৱাই ৰাখিব বিচাৰিছে প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰীয়ে । ইপিনে চাউতাল ছাত্ৰ সন্থাই প্ৰধান শিক্ষকৰ ভূলৰ বাবে এজন ছাত্ৰ চাৰিবছৰ দশম শ্ৰেণীত পঢ়িবলগীয়া হব । সেয়ে এই ক্ষেত্ৰত উচ্চপৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে । এই বিষয়ে ইতিমধ্য চাউতাল ছাত্ৰ সন্থাই চিৰাং জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক জনোৱাৰ পিচতো কোনো ধৰনৰ বিহিত ব্যৱস্থা নোলোৱা বুলি জনাইছে । প্ৰধান শিক্ষক জনেও গা এৰা দিয়া মন্তব্যৰে নিজকে বচাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে । ইপিনে পঢ়া শুনাত ভাল পৱিত্ৰই দশম শ্ৰেণীত দুবছৰ পঢ়াৰ অন্তত এতিয়া দিনহাজিৰা কৰিবলৈ আৰম্ভ কৰিছে । দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনে হাইস্কুল শেষান্ত পৰিক্ষা দিব নোৱাৰি দুখ প্ৰকাশ কৰে ।

বাইট : ছাত্ৰ পৱিত্ৰ মুৰ্মু,প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰী,
চাউতাল ছাত্ৰ সন্থাৰ প্ৰতিনিধি ।

Conclusion:অতিকে পিচপৰা চাউতাল জনগোষ্টীৰ পৰা উঠি অহা এজন ভাল ছাত্ৰ প্ৰধান শিক্ষকৰ ভূলৰ বাবেই যেন এতিয়া পঢ়াশুনা এৰি ধিন হাজিৰাত ব্যস্থ হবলগীয়া পৰিস্থিতিৰ সৃষ্টী হৈছে । ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰ,দেউশ্ৰি অঞ্চল অতিকে পিচপৰা সকলো দিশতে এনে অৱস্থাত দশম শ্ৰেণীত চাৰি বছৰ পৰাটো দৰিদ্ৰ পৰিয়ালৰ কোনো ছাত্ৰৰ বাবেই সম্ভৱ নহয় বুলি দাবী কৰে একাংশ লোকে । সেয়ে এতিয়া অকালতে পঢ়াশুনা এৰি দিন হাজিৰা কৰিবলৈ বাধ্য হল পৱিত্ৰ মুৰ্মু নামৰ এই জন ছাত্ৰও । ইয়াৰ বাবে দায়ী খোদ শিক্ষা বিভাগ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.