চিৰাং, 26 ফেব্ৰুৱাৰী: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু চিৰাং জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ বিজনী চহৰৰ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত বৃহস্পতিবাৰে এক বৃহৎ মহিলা সমাৰোহৰ আয়োজন কৰা হয় । চিৰাং, কোকৰাঝাৰ আৰু বাক্সা জিলাৰ আত্ম সহায়ক গোট সমূহৰ কেবা সহস্ৰাধিক মহিলাই অংশ গ্ৰহণ কৰা এই মহিলা সমাৰোহত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মুখ্য অতিথিৰূপে উপস্থিত থাকে ৷ অসম চৰকাৰে মহিলাৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ জৰিয়তে অসমৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল হৈছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে ।
![জীৱিকা সখিলৈ প্ৰদান স্কুটী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangsokhisckootydistribution-vis-10012_25022021223433_2502f_1614272673_187.jpg)
তেওঁ লগতে মহিলা সকলক উৎপাদনমুখী কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কনকলতা মহিলা সৱলীকৰণ যোজনাৰ জৰিয়তে আত্ম সহায়ক গোটলৈ পঞ্চাশ হেজাৰ টকাৰ অনুদান প্ৰদানৰ লগতে বিটিচি প্ৰশাসনে দুশ আত্ম সাহায়ক গোটলৈ নতুনকৈ ত্ৰিশ হেজাৰকৈ টকা গাহৰি পালন আৰু ছাগলী পালন কৰিবলৈ অনুদান প্ৰদান কৰাৰ কথা ব্যক্ত কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷
![জীৱিকা সখিলৈ প্ৰদান স্কুটী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-01-chirangsokhisckootydistribution-vis-10012_25022021223433_2502f_1614272673_317.jpg)
এই অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই প্ৰথম পৰ্যায়ত নিৰ্বাচিত হোৱা মুঠ ২৬০১ টা আত্ম সহায়ক গোটৰ ভিতৰত চিৰাং, কোকৰাঝাৰ আৰু বাক্সা জিলাৰ দহটা আত্ম গোটলৈ পঞ্চাশ হেজাৰ টকাৰ অনুদান বিতৰণ কৰে । একেদৰে জীৱিকা সখী এক্সপ্ৰছৰ বাবে তিনি জিলাৰ বাবে পৰা নিৰ্বাচিত হোৱা মুঠ ৩৩৭ গৰাকী জীৱিকা সখীৰ ভিতৰত দহ গৰাকী জীৱিকা সখীলৈ প্ৰদান কৰা হয় স্কুটী । অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য ডাঃ নিলোৎ স্বৰ্গীয়াৰী, প্ৰাক্তন পৰিষদীয় সদস্য গুণেশ্বৰ গয়াৰী, বিটিচিৰ সচিবসযতীন বৰা, চিৰাঙৰ সহকাৰী আয়ুক্ত ৰাখীশ্ৰী লেখাৰু উপস্থিত থাকে ।
![জীৱিকা সখিলৈ প্ৰদান স্কুটী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10782482_pc.jpg)
বিলাসীপাৰা: চিৰাঙৰ বিজনীত তিনি জিলাৰ লগতে বিলাসীপাৰাতো জীৱিকা সখী সকলৰ মাজত স্কুটী বিতৰণ কৰা হয় । কনকলতা মহিলা সবলীকৰণ বৰ্ধিত আঁচনিৰ জৰিয়তে মহিলা গোট সকলক ৫০ হাজাৰ কৈ টকা প্ৰদান কৰা হয় ।
বৃহস্পতিবাৰে বিয়লি বিলাসীপাৰাত অনুষ্ঠিত হোৱা মহিলা সমাৰোহ ২০২১ত জীৱিকা সখী সকলৰ মাজত স্কুটী বিতৰণ কৰে পূৱ বিলাসীপাৰাৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে । বিধায়ক সিংহীয়ে জীৱিকা সখী সকলৰ মাজত স্কুটী আৰু মহিলা গোটক ৫০ হাজাৰ কৈ টকা প্ৰদান কৰি কয় যে - ‘‘বৰ্তমান লৈ বিলাসীপাৰাৰ ৪০০ মহিলা গোটক ৫০ হাজাৰ কৈ টকা আৰু ১১ শ মহিলা গোটক ২৫ হাজাৰ কৈ টকা প্ৰদান কৰা হৈছে । লগতে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৭ শ মহিলা গোটক বিভিন্ন ক্ষেত্ৰত সুবিধা প্ৰদান কৰা হৈছে ৷’’
লগতে পঢ়কঃ গামোচাত NO CAA লিখি প্ৰতিবাদ গোলাঘাটত জিলা কংগ্ৰেছৰ