ETV Bharat / state

বিজনীত আৰম্ভ হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া - পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

৩৩ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ৫৮২ গৰাকী ভোটাৰে কৰিব ভোটদান ৷

বিজনীত আৰম্ভ হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া
author img

By

Published : May 6, 2019, 10:34 AM IST

চিৰাং, 6 মে':কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিজনী বিধানসভাৰ ৩৩ আৰু ৩৪নং ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ২৩ মে'ত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই ইভিএমৰ মকপোল সমূহ ডিলিট নকৰাকৈয়ে ভোটগ্ৰহণ কৰাৰ ফলত ৰাতিপুৱা ১১ বজাৰ পৰা বন্ধ কৰিব লগা হৈছিল ভোটগ্ৰহণ । সেইদিনটোতেই বিজনী মহকুমাধিপতি আৰু নিৰ্বাচন আয়োগে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিব বিচাৰিছিল যদিও বৰপথাৰৰ ভোটাৰ সকলে মানি লোৱা নাছিল এই সিদ্ধান্ত।

বিজনীত আৰম্ভ হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

তাৰ পিচতেই ৰাইজৰ দাবীত নিৰ্বাচন আয়োগে কেন্দ্ৰ দুটাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে, আজি অনুষ্ঠিত হ'বলগীয়া ৩৩নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰীতে ৩৪ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত আছে ৫৮২ জনকৈ ভোটাৰ।

Slug : As_Chg_6th may_801_Chirang Re-polling Kokrajher HPC_vis & byt_Abdul Maleque Ahmed. 

Send by mail. 

কোকৰাঝাৰ লোকসভা সমষ্টীৰ অন্তৰ্গত বিজনী বিধানসভাৰ ৩৩ আৰু ৩৪ নং ভোটগ্ৰহন কেন্দ্ৰত পুনৰ ভোটগ্ৰহন আৰম্ভ। যোৱা ২৩ মে অনুষ্টিত ভোটগ্ৰহনৰ দিনাখন ইভিএমৰ মকপোল সমুহ ডিলিট নকৰাকৈয়ে ভোটগ্ৰহন কৰাৰ ফলত ৰাতিপুৱা ১১ বজাৰ পৰা বন্ধ কৰিব লগীয়া হৈছিল ভোটগ্ৰহন । ভোটাৰ সকলে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টী কৰিছিল বৰপথাৰত । বিজনী মহকুমাধিপতি আৰু  নিৰ্ব্বাচন আয়োগে বিয়লিৰ ভাগত নিৰ্ব্বাচন অনুষ্টিত কৰিব বিচাৰিছিল যদিও বৰপথাৰবাসী ভোটাৰ সকলে মানিলোৱা নাছিল । তাৰ পিচত ৰাইজৰ দাবীত নিৰ্ব্বাচন আয়োগে কেন্দ্ৰদুটাত পুনৰ ভোটগ্ৰহনৰ বাবে নিৰ্দেশ দিয়ে । এই খিনিতে উল্লেখ কৰিব লাগিব যে ৩৩ নম্বৰ ভোটকেন্দ্ৰত ৬০০ জন ভোটাৰ থকাৰ বিপৰিতে ৩৪ নম্বৰ ভোটগ্ৰহন কেন্দ্ৰত ৫৮২ জন ভোটাৰ আছে ।

(ৰদ-বৰষুন ৰৈ ৰৈ পৰি থকাত পলম হৈ আছে । মই ভোটকেন্দ্ৰ পাবলৈ ১৫ মিনিটমান লাগিব । সেয়ে এজনৰ পৰা ভিজুৱেল সংগ্ৰহ কৰি দিলো ।)

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.