ETV Bharat / state

ভূটানে এৰিব পানী - কুৰিশ্বো

কলগাছিয়াৰ কেইবাটাও অঞ্চলত বানে আৰু তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা ৷ ভূটানে বান্ধ খুলি দিব কুৰিশ্বো নৈৰ ৷ জিলা প্ৰশাসনৰ ৰেড এলাৰ্ট

ভূটানে এৰিব পানী
author img

By

Published : Jul 25, 2019, 4:15 AM IST

চিৰাং, 25 জুলাই : ভূটানে কুৰিশ্বো নৈৰ বান্ধ খুলি দিব আৰু এই পানী বেকী নদীৰে আহিব । যাৰ ফলত কলগাছিয়াৰ কেইবাটাও অঞ্চলত বানে আৰু তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনীয়তাই দেখা দিছে ৷ ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিব বুলি শুনাৰ লগে লগে আতংকিত হৈ পৰিছে ৰাইজ । বৰপেটা জিলা প্ৰশাসনে আজি কলগাছিয়াকে আদি কৰি বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে মাইকেৰে ঘোষনা কৰি ৰেড এলাৰ্ট জাৰি কৰিছে । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাংগা, গুইলেজা, মিনিশিমলা, শ্ৰীৰামপুৰ, গলীয়া, ডাউকমাৰী, লাচাংগা, সুতিৰপাথাৰ, খাৰবাল্লী, কাউৰজাহী, কাচুকাটি, মোৱামাৰী, মইনবড়ী, ঢাকালীয়া পাৰা, সাওঁৰাচৰাকে ধৰি ৩১ খন ৰাজহ গাঁৱত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে । ইতিমধ্যে বানাক্ৰান্ত আৰু নৈ পৰীয়া ৰাইজক মাইক যোগে ঘোষণা কৰি সতৰ্ক হবলৈ আহ্বান জনাইছে প্ৰশাসনে ।

Intro:ভূটানে কুৰিশ্বু নদীৰ বান্দ এৰিব আৰু এই পানী বেকি নদীৰে আহিব । বৰপেটা জিলা প্ৰশাসনে আজি কলগাছিয়াকে আধি কৰি বিভিন্ন ঠাইত সজাগতা সভা কৰাৰ লগতে মাইকেৰে ঘোষনা দি ৰেড এলাৰ্ট জাৰি কৰিছে । Body:এই দৃশ্য বৰপেটা জিলাৰ কলগাছিয়াৰ । আজি হঠাতে কলগাছিয়াত বানাক্ৰান্তৰ মাজত হাহাঁকাৰ অৱস্থা । ভূটানৰ কুৰিশ্বো জল বিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিব বুলি শুনাৰ লগে লগে আতংকিত হৈ পৰিছে ৰাইজ । টালি টোপোলা লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্তই । বন্যাৰ্তৰ ঘৰে ঘৰে এতিয়াও আছে এক ককালকৈ বানপানী । বেঁকী নদীৰ বানপানীয়ে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ । তাৰ পিচতো যদিহে ভূটানৰ পানী সোমায় কি হব বন্যাৰ্তৰ অৱস্থা ।
বৰপেটা জিলা প্ৰশাসনে ঘোষণা কৰিছে ৰেড এলাৰ্ড । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বৰডাংগা, গুইলেজা, মিনিশিমলা, শ্ৰীৰামপুৰ, গলীয়া, ডাউকমাৰী, লাচাংগা, সুতিৰপাথাৰ, খাৰবাল্লী, কাউৰজাহী, কাচুকাটি, মোৱামাৰী, মইনবড়ী, ঢাকালীয়া পাৰা, সাওঁৰাচৰাকে ধৰি ৩১ খন ৰাজহ গাঁৱত সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ জাৰি কৰিছে জিলা প্ৰশাসনে । ইতিমধ্যে বানাক্ৰান্ত আৰু নৈ পৰীয়া ৰাইজক মাইক যোগে ঘোষণা কৰি সতৰ্ক হবলৈ আহ্বান জনাইছে প্ৰশাসনে ।

Byte: আতংকিত ৰাইজৰ মন্তব্য ।Conclusion:মুঠতে বেকী নদীৰ পাৰে পাৰে চাৰিওদিশে বন্যাৰ্তৰ মাজত হুৱাদুৱা পৰিৱেশ । ভূটানৰ পানী সোমালে কি হব পৰিস্থিতি ? সেই লৈ আতংকিত সকলো ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.