চিৰাং,15 মাৰ্চ : চিৰাঙত শিশু ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ যৌথ প্ৰতিবাদ ৷ চিদলীত বৃহস্পতিবাৰে 4 বছৰীয়া কণমানিৰ মৃতদেহ উদ্ধাৰৰ 48 ঘন্টাৰ পাচতো দোষীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত চিদলী আঞ্চলিক আছু কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ বিভিন্ন দল-সংগঠনৰ ৷
প্ৰায় এহাজাৰ লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী যৌথভাৱে ৰূপায়ণ কৰে সদৌ চাওতাল ছাত্ৰ সন্থা,সদৌ আদিবাসী ছাত্ৰ সন্থা,সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা,সদৌ অসম ছাত্ৰ সন্থা,নিখিল বড়ো ছাত্ৰ সন্থা,সদৌ চাওতাল মহিলা সমিতি, চিদলী মহিলা সমিতিকে আদি কৰি বহুকেইটা দল-সংগঠনে ৷ প্ৰতিবাদৰ অন্তত চিদলী ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে চিৰাং জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠনসমূহে । এই স্মাৰক পত্ৰৰ জড়িয়তে কন্যা শিশু-মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰা, দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰা, ভূক্তভোগীৰ পৰিয়ালক এক কালিন 20 লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী জনায় সংগঠনসমূহে ।
আনহাতে কণমানিগৰাকী কেৱল চাওতাল সম্প্ৰদায়ৰ হোৱা বাবেই আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিমান ছোৰেন আৰু সদৌ চাওতাল মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা কুন্তলা মুৰ্মুয়ে । এই ক্ষেত্ৰত আৰক্ষীয়ে দোষীক গ্ৰেপ্তাৰত যদি অৱহেলা কৰে তেন্তে আৰু অধিক কঠোৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনমসমূহে ।