ETV Bharat / state

চিৰাঙত মেৰামতিৰ অভাৱত জহি খহি গৈছে এখন বিদ্যালয়

প্ৰতিফলিত হৈছে বি টি চি ৰ শিক্ষা বিভাগৰ নগ্ন স্বৰূপ ৷ বি টি চি ৰ শিক্ষাবিভাগে প্ৰায়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক হৈ হেতালি খেলা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লাবদাংগুৰী প্ৰাথমিক বিদ্যালয়খন মেৰামতিৰ অভাৱত জহি-খহি গৈছে । ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন আজিকোপতি চৰকাৰৰ পৰা অৱহেলিত হৈ আছে ৷

২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন আজিকোপতি চৰকাৰৰ পৰা অৱহেলিত হৈ আছে
চিৰাঙত মেৰামতিৰ অভাৱত বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ:কাণষাৰ নাই শিক্ষাবিভাগৰ
author img

By

Published : Dec 5, 2019, 7:42 PM IST

চিৰাং, 5 ডিচেম্বৰঃ পুনৰাই প্ৰতিফলিত হৈছে বি টি চি ৰ শিক্ষা বিভাগৰ নগ্ন স্বৰূপ ৷ বি টি চি ৰ শিক্ষাবিভাগে প্ৰায়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক হৈ হেতালি খেলা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লাবদাংগুৰী প্ৰাথমিক বিদ্যালয়খন মেৰামতিৰ অভাৱত জহি-খহি গৈছে । ইয়াৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন আজিকোপতি চৰকাৰৰ পৰা অৱহেলিত হৈ আছে । সম্প্ৰতি আন্তঃগাঁথনি জৰাজীৰ্ণ হৈ পৰিছে যদিও তেনেকৈয়ে পাঠদান চলি আছে বিদ্যালয়খনত ৷

চিৰাঙত মেৰামতিৰ অভাৱত বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ:কাণষাৰ নাই শিক্ষাবিভাগৰ

অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাখণ্ডত আমোল পৰিৱৰ্তনৰ কথা কৈ ঢাক-ঢোল বজাই প্ৰচাৰ চলোৱাৰ সময়তে পোহৰলৈ আহিছে এইখন বিদ্যালয়ৰ কথা । দুটাকৈ গুণোৎসৱ পাৰ কৰা বিদ্যালয়খনে আজিকোপতি লাভ নকৰিলে কোনো চৰকাৰী অনুদান । ছাত্ৰ জীৱনক লৈ হেতালি খেলা শিক্ষা বিভাগৰ এই কাৰ্যক সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ৷ ইপিনে বাৰিষাৰ বতৰত পাঠদানৰ সময়ত শ্ৰেণীকোঠাত পানী সোমোৱাৰ ফলত জীয়াতু ভুগিবলগীয়া হয় শিক্ষাৰ্থীয়ে । তদুপৰি ছাত্র-ছাত্রীসকলৰ বাবে নাই উপযুক্ত ডেক্স-বেঞ্চ । বিদ্যালয়খনত পৰ্যাপ্ত সুবিধা নথকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে শিক্ষক তথা শিক্ষাৰ্থীসকল । ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে বিদ্যালয় গৃহ নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷ ইপিনে চিৰাং জিলা শিক্ষা বিভাগে বিদ্যালয়খনক দীৰ্ঘদিন অৱহেলিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে ৷ চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান নকৰিলে শৈক্ষিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে চাওকঃকটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

Intro:বিটিচি শিক্ষা বিভাগৰ নগ্ন স্বৰূপ, চিৰাং জিলাৰ লাবদাংগুৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা। চৰকাৰী অৱহেলাৰ বলি বিদ্যালয় খন । কন কন ছাত্ৰ ছাত্ৰীৰ জীৱন হৈ হেতালি, ক্ষুব্ধ অভিভাৱক।

Body: চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত লাবদাংগুৰী প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা । যোৱা ২০১৩ চনতে প্ৰাদেশীকৰন হোৱা বিদ্যালয়খন আজিও চৰকাৰী ভাৱে অৱহেলিত । জৰাজিৰ্ণৰূপতে আজি পাঠদান চলি আছে বিদ্যালয় খনত । অসম চৰকাৰৰ শিক্ষা বিভাগে আমজল পৰিৱৰ্তনৰ কথা কৈ ঢাক ঢোল বজাই প্ৰচাৰ চলোৱা এই সময়তে পোহৰলৈ আহিছে জৰাজিৰ্ণ ৰূপত থকা এইখন বিদ্যালয় । দুটাকৈ গুনোৎসৱ পাৰ কৰা বিদ্যালয়খন আজিলৈ লাভ নকৰিলে চৰকাৰী কোনো অনুদান । জৰাজিৰ্ণ বিদ্যালয়খনত আজিও নিয়মিত ভাৱেই চলিছে পাঠদান । কন কন ছাত্ৰ ছাত্ৰীৰ জীৱন লৈ শিক্ষা বিভাগে হেতালি খেলা কাৰ্য্যত অঞ্চল ব্যাপি তিব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উত্থাপিত অভিযোগ মতে ছাত্র-ছাত্রী পঢ়িবলৈ নাই ভাল কোনো ডেক্স বেঞ্চ । প্ৰধান শিক্ষকে ছাত্র ছাত্রীক দিব পৰা নাই সঠিক শিক্ষাৰ পৰিৱেশ । বাৰিষাৰ বতৰত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে জীয়াতু ভূগিবলগীয়া হয় । পাঠদান চলি থকা সময়তে শ্ৰেণীকোঠাত পানী সোমাই আহে ।
পৰ্য্যাপ্ত সুবিধা নথকাৰ কাৰণে অসুবিধা ভুগিছে শিক্ষক তথা শিক্ষাৰ্থী সকলে । অতি সোনকালে ছাত্ৰ ছাত্ৰীৰ প্ৰতি লক্ষ্য কৰি বিদ্যালয় গৃহ নিৰ্মানৰ লগতে খেল ধেমালিৰ ঠাইৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে বিদ্যালয় কতৃপক্ষ তথা অভিভাৱক সকলে। শিক্ষা বিভাগ , চৰকাৰ তথা প্ৰশাসনক বিদ্যালয় খনৰ প্ৰতি দৃষ্টী নিক্ষেপৰ আহ্বান অঞ্চলবাসীৰ ।

বাইট দিলো ।

Conclusion:চিৰাং জিলা শিক্ষা বিভাগে বিদ্যালয় খনক অৱহেলিত কৰি ৰখাৰ অভিযোগ অঞ্চলবাসীৰ । জিলা শিক্ষা বিভাগে গুৰুত্বপ্ৰদান কৰি বৃহত্তৰ অঞ্চলবাসী কন কন শিক্ষাৰ্থীৰ শিক্ষাৰ দিশত সুবিধা কৰি দিয়াৰ বাবে অনুৰোধ জনায় । অন্যথা অঞ্চলবাসীয়ে বিভিন্ন ছাত্ৰ সংগঠনৰ সহযোগত শিক্ষাৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰাৰ বাবে বাধ্য হব বুলিও জনায় ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.