ETV Bharat / state

দলঙৰ নামত লোৰ ওপৰেৰে যাত্ৰা একাংশৰ - বিধ্বস্ত দলং

চিৰাঙৰ বিজনী মহকুমাৰ আলুখুন্দা বেদলাং ফুলেৰচৰ সংযোগী দলঙৰ এই বিধ্বস্ত ৰূপে জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ৷ এই বিধ্বস্ত লোৰ দলঙেৰে অহা যোৱা কৰি বহুলোক পানীত পৰা লগতে আহত হৈছে বহুলোক ৷

দলঙৰ বিধ্বস্ত ৰূপ
author img

By

Published : Apr 28, 2019, 10:20 AM IST

চিৰাং, 28 এপ্ৰিল : চিৰাঙৰ বিজনী মহকুমাৰ আলুখুন্দা বেদলাং ফুলেৰচৰ সংযোগী দলঙৰ দৃশ্য এইয়া । বৃহৎ অঞ্চলটোৰ প্ৰধান আৰু একমাত্ৰ যাতায়াতৰ পথটোৰ দলঙৰ এই বিধ্বস্ত ৰূপে জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । দলঙৰ নামত লোৰ ওপৰেৰে এনেদৰে মৰণত শৰণ দি নিতৌ শ শ লোকে যাত্ৰা কৰি আহিছে ৷ ইপিনে বাৰিষাকালি এই পথেৰে যাতায়াত কৰা অসম্ভৱ হৈ পৰে ৰাইজৰ বাবে ৷ যাৰ ফলত বাৰিষাত নাও বা কলৰ ভুৰখনেই যাতায়াতৰ একমাত্ৰ উৎস হৈ পৰে অঞ্চলবাসীৰ । আনহাতে এই লোৰ বিধ্বস্ত দলঙেৰে অহা যোৱা কৰি বহুলোক পানীত পৰা লগতে আহত হৈছে বহুলোক ৷

দলঙৰ বিধ্বস্ত ৰূপ

উল্লেখ্য যে, 2007 চনতে বিটিচিৰ উন্নয়নৰ ধনেৰে এই দলং নিৰ্মাণৰ ব্যৱস্থা কৰিছিল যদিও দলংখন মুকলিৰ পুৰ্বেই বহি যায় দলংখন । পৰৱৰ্তী সময়ত এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিটিচি পৰিষদীয় সদস্য,বিজনী সমষ্টীৰ বিধায়কক ৰাইজে জনাই আহিছে যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ।

Slug : A_Chirang_28th Apr_801 to 804_Chirang Dangerious communication bridge_vis & byte_Abdul Maleque Ahmed.

Send by ftp. 

এয়া মডেল বিটিচিৰ চিৰাং জিলাৰ দৃশ্য । জিলাখনৰ বিজনী মহকুমাৰ আলুখুন্দা বেদলাং ফুলেৰচৰ সংযোগী দলঙৰ দৃশ্য । বৃহৎ অঞ্চলটোৰ প্ৰধান আৰু একমাত্ৰ যাতায়াতৰ পথটোৰ দলঙৰ এই ভয়াবহ অৱস্থা । নিতৌ শ শ লোকে যাতায়াত কৰা এয়া মৰন ফান্দৰ বাহিৰে অইন একো নহয় । যোৱা ২০০৭ চনতে বিটিচিৰ উন্নয়নৰ ধনেৰে এই দলং নিৰ্মানৰ ব্যৱস্থা কৰিছিল যদিও দলং খন মুকলিৰ পুৰ্ব্বে তললৈ বহি যোৱা বুলি জনায় স্থানীয় লোকে । তাৰ পিচত বিভাগীয় ভাৱে জনোৱাৰ লগতে বিটিচি পৰিষদীয় সদস্য,বিজনী সমষ্টীৰ বিধায়কক জনোৱাৰ পিচতো আজিকোপতি গ্ৰহন নকৰিলে কোনো ব্যৱস্থা । বাৰিষা বতৰত এই পথেৰে যাতায়াত সম্ভৱ নহয়,তেতিয়া নাও বা কলৰ ভেলাখনেই এক মাত্ৰ যাতায়াতৰ উৎসহ হৈ পৰে । ছাত্ৰ-ছাত্ৰী,ব্যৱসায়ী তথা গাঁওৰ পুৰুষ-মহিলা সকলোৱে মৰনক শৰন দি যাতায়াত কৰে এই পথেৰে । তেওঁলোকৰ মুখেৰেই শুনক কি কয় ছাত্ৰ-ছাত্ৰী বা স্থানীয় লোকে,কিমান ভয়াবহ বহ তেওঁলোকৰ যাতায়াত ব্যৱস্থা । 

বাইট : স্থানীয় ছাত্ৰী,অভিভাৱক,ছাত্ৰ নেতা ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ । 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.