ETV Bharat / state

বিপিএফ দললৈ মুকলি সমৰ্থন নাথ যোগী যুৱ ছাত্ৰ সন্মিলনীৰ

বিপিএফ দললৈ মুকলি সমৰ্থন আগবঢ়ালে সদৌ বিটিএডি নাথ যোগী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে অল্ড ইজ গল্ড বুলি উল্লেখ কৰি বিপিএফ দলে বিটিচি গঠন হোৱাৰে পৰা অতিকে পিচপৰা বিটিচিৰ দ্ৰুত উন্নয়ন কৰা বুলি মন্তব্য কৰে ৷

author img

By

Published : Dec 7, 2020, 10:29 AM IST

nath-yogi-organizations-open-support-to-bpf
বিপিএফ দললৈ মুকলি সমৰ্থন নাথ যোগী যুৱ ছাত্ৰ সন্মিলনীৰ

চিৰাং,7ডিচেম্বৰঃবিপিএফ দললৈ মুকলি সমৰ্থন আগবঢ়ালে সদৌ বিটিএডি নাথ যোগী যুৱ ছাত্ৰ সন্মিলনীয়ে ৷ মন্ত্ৰী চন্দন ব্ৰহ্মৰে হোৱা সন্মিলনীৰ কেন্দ্ৰীয় নেতৃত্বৰ এক আলোচনাত সন্মিলনীৰ সকলো দাবী মন্ত্ৰী গৰাকীয়ে মানি লোৱাৰ পিছতে দেওবাৰে সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে বিপিএফ দলক মুকলি ভাৱে সমৰ্থন আগবঢ়োৱাৰ কথা সংবাদমাধ্যমৰ আগত ৰাজহুৱা কৰে ৷

তদুপৰি সাধাৰণ সম্পাদক গৰাকীয়ে অল্ড ইজ গল্ড বুলি উল্লেখ কৰি বিপিএফ দলে বিটিচি গঠন হোৱাৰে পৰা অতিকে পিচপৰা বিটিচিৰ দ্ৰুত উন্নয়ন কৰা বুলি মন্তব্য কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত নাথ যোগী সম্প্ৰদায়ৰ লগতে সকলো জাতি- জনগোষ্ঠীৰ লোকক বিপিএফ দলক ভোট দিবৰ বাবে আহ্বান জনায়।আনহাতে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পুনৰ বিপিএফ দলে পৰিষদ গঠন কৰি উন্নয়নৰ ধাৰা অটুট ৰখাৰ লগতে পূৰ্বতকৈ দুগুন উৎসাহেৰে আগবাঢ়িব বুলিও মন্তব্য কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক প্ৰমোদ চন্দ্ৰ নাথে ৷

লগতে পঢ়কঃ আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.