চিৰাং, 14 মে' : চিৰাং জিলাৰ সদৰ কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত ক'ভিড-১৯ৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ই ৷
মন্ত্ৰীত্ব লাভৰ পিছত প্ৰথমবাৰৰ বাবে চিৰাং জিলা ভ্ৰমণ কৰি জিলা প্ৰশাসনৰে সভাত মিলিত হৈ জিলাখনৰ সামগ্ৰিকভাৱে ক'ভিড পৰিস্থিতিৰ বুজ লয় ইউ জি ব্ৰহ্মই । সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ব্ৰহ্মই কয় যে, কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত থকা আই চি ইউ অতিশীঘ্ৰেই কাৰ্যক্ষম কৰি তোলা হ'ব । সম্প্ৰতি চিৰাং জিলাত ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণত যদিও অগ্ৰিমভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
ৰাজ্য চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ (বিটিচি) বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত স্থাপন হ'বলগীয়া অক্সিজেন উৎপাদন গোট ভ্ৰমণ কৰি ইয়াৰ কাম কাজৰ বুজ লয় ৷
লগতে পঢ়ক : আজান পীৰৰ জিকিৰেৰে ঈদৰ শুভেচ্ছা জনালে সাংবাদিকে