ETV Bharat / state

বিটিচিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপি শেষ হ'ল : চন্দন ব্ৰহ্ম

author img

By

Published : Dec 8, 2020, 8:07 AM IST

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন ৷ বিপিএফৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিভিন্ন বাক্যবাণেৰে বিজেপিক কটাক্ষ মন্ত্ৰী গৰাকীৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত বাক্সা আৰু ওদালগুৰি জিলাৰ 21 টা পৰিষদীয় সমষ্টিৰ 18 খন আসন বিপিএফে দখল কৰিব বুলি দাবী মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷

chandan brahma btc election campaign
বিপিএফৰ প্ৰাৰ্থীৰ হৈ মন্ত্ৰী চন্দন ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাঙ, 8 ডিচেম্বৰ: বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতে বিজেপিক কটাক্ষ মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতে বিজেপি শেষ হৈছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ বিপিএফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে এই মন্তব্য প্ৰদান কৰে ৷

মন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাৰ সকলো দম্ভালি নিঃশেষ হ'ল বুলি মন্তব্য কৰাৰ লগতে প্ৰমোদ বড়ো শূণ্য হোৱা বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ ৷ বিজেপিয়ে আসনো নাপায় বুলি দাবী কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে যদিও দুয়োটাতে পৰাজয়ৰ মুখ দেখিব ৷ তেওঁ কয় যে ইউপিপিএল দলে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এখনো আসন নাপায় সেই কথা স্পষ্ট হৈ পৰিছে ৷

সোমবাৰে মন্ত্ৰী গৰাকীয়ে চিৰাঙৰ বিজনী সুবাইঝাৰ ঢালিগাঁওৰ বৰতালোৱা সহ 9 ঠাইত বিপিএফ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায় ৷ মন্ত্ৰী গৰাকীয়ে দাবী কৰে যে বাক্সা আৰু ওদালগুৰি জিলাৰ 21 টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিপিএফ দলে 18 খন আসন লাভ কৰিব ৷ জিলাখনৰ কেইবাখনো প্ৰচাৰ সভাত নিশালৈকে প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে কাজলগাওঁ পৰিষদীয় সমষ্টিৰ প্ৰচাৰত অংশ ল'বৰ বাবে সকলোকে আহ্বান জনায় ৷
লগতে পঢ়ক:বিটিচিৰ মচনদত কোন বহিব ?

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.