ETV Bharat / state

চিৰাঙৰ পানবাৰীত মানাহ সেৰফাং ব্লক বিপিএফৰ অধিৱেশন - manash-serfung-block-bpf-conference-at-panbari-of-chirang

বিজনীত অনুষ্ঠিত হৈছে জিলা বিপিএফৰ মানাহ সেৰফাং ব্লক বিপিএফৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন ৷ অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপি আৰু বিটিচিৰ নৱ-গঠিত পাৰিষদক ক্ষোৰধাৰ সমালেচনা মন্ত্ৰী চন্দন ব্ৰহ্মৰ ৷

manash-serfung-block-bpf-conference-at-panbari-of-chirang
চিৰাঙৰ পানবাৰীত মানাহ সেৰফাং ব্লক বিপিএফৰ অধিৱেশন
author img

By

Published : Jan 31, 2021, 8:36 PM IST

চিৰাং,31 জানুৱাৰী: চিৰাং জিলাৰ অন্তৰ্গত বিজনীত অনুষ্ঠিত হৈছে জিলা বিপিএফৰ মানাহ সেৰফাং ব্লক বিপিএফৰ ষষ্ঠ ত্ৰিবাৰ্ষিক অধিৱেশন ৷ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিজেপি আৰু বিটিচিৰ নৱ-গঠিত পাৰিষদক ক্ষোৰধাৰ সমালেচনা কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷ নেতা গৰাকীয়ে কয় যে " ইউপিপিএল ,বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীৰ মিত্ৰজোঁটে বিটিচিত যোৱা এমাহে যি খামখেয়ালিৰে প্ৰশাসন চলাই আছে সেয়া সকলোৰে জ্ঞাত ৷ যি মুলা বাঢ়ে তাৰ দুপাততে চিন; কিন্তু আজিকালি এপাততে চিন । যোৱা এটা মাহে বুজিব পৰা গৈছে তেওঁলোকে কি দৰে সু-শাসন চলাব । আজি সাধাৰণ জনতাই তেওঁলোকৰ কাৰ্যকলাপ বুজি পাইছে ৷ তিনিওটা দলৰ মাজত নিজৰ নিজৰ ক্ষমতাক লৈ ভিতৰি ভিতৰি ব্যাপক বিসংগতিৰ সৃষ্টি হৈছে । নিজে প্ৰশাসন চলাব নোৱাৰি তেঁওলোকে বেলেগক দোষাৰোপ কৰি আছে "৷ ভাষণ প্ৰসংগত লগতে নেতা গৰাকীয়ে উল্লেখ কৰে যে, আজি এমাহতে মিত্ৰজোঁটে বিটিচিত বিটিচিত উচ্ছেদৰ জাননী দিব পাৰিছে যিটো বিপিএফে 17 বছৰে নোৱাৰিলে ৷ কাৰণ বিপিএফে সকলোকে লগত লৈ থাকিব বিচাৰে বুলি উল্লেখ কৰি কোনেও উচ্ছেদ নিবিচাৰে বুলি মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । আনহাতে মিত্ৰজোঁটে বিটিচিত যি সমুহক ভূমিপট্টা দিছে সেইবোৰ বিপিএফে প্ৰস্তুত কৰি থৈছিল বুলি উল্লেখ কৰি প্ৰমোদ বড়ো নেতৃত্বাধীন পৰিষদে নতুনকৈ কাক কাক নিজাকৈ পট্টা দিছে নিশ্চয় সময়ত বিতং ভাৱে ওলাব বুলি মন্তব্য কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই ৷

চিৰাঙৰ পানবাৰীত মানাহ সেৰফাং ব্লক বিপিএফৰ অধিৱেশন

ইফালে বিজেপি দলক ভাল নোপোৱা একাংশ ৰাইজ আৰু বিভিন্ন ৰাজনৈতিক দলে বিপিএফ নেতৃত্বৰ সৈতে যোগাযোগ চলাই আছে বুলি মন্তব্য কৰিছে চন্দন ব্ৰহ্মই ৷ পৰৱৰ্তী সময়ত বিপিএফৰ মতাদৰ্শৰ সৈতে মিল থকা আঞ্চলিক দলৰ সৈতে মিত্ৰতাৰে বিজেপিক উৎখাত কৰাৰ চেষ্টা চলোৱ হ'ব বুলিও মন্তব্য কৰিলে নেতা গৰাকীয়ে ৷ লগতে বিজেপি বিশ্বাস ঘাটকৰ দল বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস নিজেই পৰাজয়ৰ ভয়ত পলাই ফুৰিব লগীয়া হৈছে বুলি মন্তব্য কৰে চন্দন ব্ৰহ্মই ৷ অধিৱেশনৰ কাৰ্যসূচীত বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰী, মানাস সেৰফাং সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী সহ বহু সংখ্যক বিপিএফৰ নেতা কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত শিৱসাগৰত 'মে ডাম মে ফী' পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.